কলিয়াবৰত দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতাৰ আয়োজন...

অহা ৮ আৰু ৯ অক্টোবৰত দুদিনীয়াকৈ সদৌ অসম ভিত্তিত দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতাৰ আয়োজন...

MAINA PARIJAAT

ডিজিটেল সংবাদ, কলিয়াবৰঃ সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগত আৰু কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সহযোগত অহা ৮ আৰু ৯ অক্টোবৰত দুদিনীয়াকৈ সদৌ অসম ভিত্তিত দশম ৰাজ্যিক শিশু একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তা সকলে জনাইছে।

Advertisment

কুঁৱৰীটোলৰ মুক্তি যুঁজাৰু ভৱন প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথম দিনা পুৱা ১০ বজাত উদ্বোধন কৰিব বিশিষ্ট অভিনেতা উপকুল বৰদলৈয়ে।

প্ৰতিযোগিতাত ৰাজ্যৰ ২৩ খন জিলা মইনা পাৰিজাতে ২৩ খন নাট পৰিবেশন কৰিব । দ্বিতীয় দিনা বিয়লি বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰিব সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ড০ মন্টু মণি দত্তই।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰাক্তন মইনা মণিমাধৱ মহন্তই।

প্ৰথম দিনা পুৱা পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। উল্লেখ্য যে তাৰ আগেয়ে নাট্যদল সমূহৰ পঞ্জীয়ন পৰ্ব অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে।

koliyabor