/asomiyapratidin/media/media_files/2025/01/18/hXGFi0xnx28LbyxLEtqU.jpg)
ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত ক্লাবৰ কাৰ্য্যালয় ভূপেন হাজৰিকা ভৱনৰ চৌহদত শনিবাৰে আবেলি "এজন খঙাল দৰদী পুৰুষ" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় ।
বাণী প্ৰকাশ মন্দিৰৰ দ্বাৰা প্ৰকাশিত পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত কৃতী উপাধ্যক্ষ, কৃতী খেলুৱৈ, ৰেফাৰী, নাট পৰিচালক তথা অভিনেতা প্রয়াত গণেশ চন্দ্ৰ দেৱ চৌধুৰীৰ ডায়েৰীৰ আধাৰত প্ৰস্তুত কৰা 'পিতা'ৰ পৰিৱৰ্ধিত ৰূপ "এজন খঙাল দৰদী পুৰুষ" শীৰ্ষক গ্ৰন্থখন ।
লগতে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ দ্বাৰা ৰচিত আন দুখন গ্ৰন্থও একে অনুষ্ঠানতে উন্মোচন কৰা হয়। ক্লাবৰ সভাপতি ৰফিকুল হকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত "এজন খঙাল দৰদী পুৰুষ" শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰয়াত দেৱ চৌধুৰীৰ ঘনিষ্ঠ সহযোগী কৰ্মচাৰী তথা পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী কমলেশ্বৰ দাসে।
সভাত "খ্রীষ্টিয়ান কেনেকৈ হয় চাওঁবল" আৰু "নালন্দাত ম্যাকডোনাল্ড" শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে স্থানীয় নিৰ্মল হালৈ মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নলিনী কুমাৰ শৰ্মাই।
ড° কৌশিক কুমাৰ ডেকাই পাটাছাৰকুছিৰ ৰত্ন স্বৰূপ লোকসকলৰ গ্ৰন্থ সমূহ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত সংগ্ৰহ কৰাৰ প্ৰয়াসৰ কথা উপস্থিত ৰাইজক জনায় আৰু এই অঞ্চলৰ লোকৰ গ্ৰন্থৰ লগতে জনপ্ৰিয় সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গ্ৰন্থ সমূহো সংগ্ৰহ কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷
নলিনী কুমাৰ শৰ্মাই গনেশ চন্দ্ৰ দেৱচৌধুৰীৰ সান্নিধ্যৰ কথা বৰ্ণনা কৰি কাব্যগ্ৰন্থখন উন্মোচিত কৰাৰ বাবে দিয়া সূযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ শতাধিক গণ্যমাণ্য গ্ৰন্থপ্ৰেমী উপস্থিত থকা সভাখনত প্ৰয়াত দেৱ চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ অইল ইণ্ডিয়ান লিমিটেডৰ অৱসৰী মহাপ্ৰবন্ধক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ লগতে পুত্ৰ ক্ৰমে পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, অসম লোকসেৱা আয়োগৰ অৱসৰী অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীসহ পৰিয়ালৰ লোক উপস্থিত থাকে।
অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, চক্ৰধৰ হালৈ, ভগবান চন্দ্ৰ দেৱ চৌধুৰী, প্ৰয়াত গনেশ চন্দ্ৰ দেৱ চৌধুৰীৰ কন্যা কবিতা শৰ্মা বৰুৱা আদিয়ে বক্তব্য ৰাখে ।
এই সভাখনত পৰেশ দেৱ চৌধুৰী, ভগবান দেৱ চৌধুৰী, ভাবিত চন্দ্ৰ হালৈ , শ্ৰীপদ দেৱ চৌধুৰী, গুৰুপদ শৰ্মা, শশীমোহন গোস্বামী, মুনীন দাস, ৰৱীন শৰ্মা ভৱানন্দ দাস, কৈলাশ ডেকা, হৰেকূষ্ণ গোস্বামী, বীৰেন্দ্ৰ নাথ শৰ্মা, অনিল চন্দ্ৰ মজুমদাৰ, গনেশ চন্দ্ৰ শৰ্মা, গৌতম গোস্বামী, প্ৰসন্ন কুমাৰ শৰ্মা, সদানন্দ দাস,ৰুদ্ৰ কলিতা, ডা° মুক্তাধৰ শৰ্মা, কৈলাস চন্দ্ৰ ডেকা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
নিতুল শৰ্মাই উদ্দেশ্য বাখ্যা, আমিনুল হকে সম্বৰ্দ্ধনা, ৰাজীৱ কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা আৰু ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে উন্মোচনী পৰ্বৰ আঁত ধৰা এই সভাত প্ৰয়াত চৌধুৰীৰ জীৱনৰ বিভিন্ন দিশ পুথিখনত আলোকিত কৰা লেখকসকলৰ লগতে প্ৰকাশক মানস দেৱ চৌধুৰীক প্ৰয়াত দেৱ চৌধুৰীৰ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে গ্ৰন্থখন প্ৰদান কৰে।