Advertisment

বেংগালুৰুত এইচএমপিভি পজিটিভ আঠ মহীয়া শিশু!

সমগ্ৰ ঘটনা সন্দৰ্ভত কৰ্ণাটক স্বাস্থ্য বিভাগে জনোৱা মতে, শিশুটিক লৈ কৰা তেজৰ পৰীক্ষা সমূহত ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। এয়া চীনৰ এইচএমপিভি ভাইৰাছ বুলি আমি নিশ্চিত কৰা নাই যদিও আশংকা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
্েিে

ডিজিটেল ডেস্কঃ  ভাৰত পালেহি নেকি এইচএমপিভি ভাইৰাছ? আকৌ আহিব নেকি মহামাৰী? দৰাচলতে বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা এটি ৮ মহীয়া শিশুৰ দেহত এইচএমপিভি ভাইৰাছ পোৱাৰ আশংকা কৰা পাছতে এনেধৰণৰ প্ৰশ্নই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

Advertisment

সমগ্ৰ ঘটনা সন্দৰ্ভত কৰ্ণাটক স্বাস্থ্য বিভাগে জনোৱা মতে, শিশুটিক লৈ কৰা তেজৰ পৰীক্ষা সমূহত ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে। এয়া চীনৰ এইচএমপিভি ভাইৰাছ বুলি হাস্পতাল তথা কৰ্ণাটক স্বাস্থ্য বিভাগে নিশ্চিত কৰা নাই যদিও আশংকা কৰা হৈছে। সেয়ে এই প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰোগীয়া শিশুটিৰ ভ্ৰমণৰ কোনো ইতিবৃত্ত নাই বুলি সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰিছে পৰিয়ালৰ লোকে। বৰ্তমানো জ্বৰ আৰু শৰীৰৰ বিষত আক্ৰান্ত হৈ আছে কেঁচুৱাটি। 

লক্ষণীয় যে, ভাইৰাছৰ ভেৰিয়েণ্ট সন্দৰ্ভত জানিবলৈ পুনেলৈ নমুনা প্ৰেৰণ কৰিব কৰ্ণাটক স্বাস্থ্য বিভাগে। নিয়মীয়া তেজৰ পৰীক্ষাৰ সময়ত ধৰা পৰিছিলএই ভাইৰাছ।

এইচএমপিভি