
দশমীৰ আনন্দৰ মাজতে ভয়ংকৰ ঘটনা।
প্ৰতিমা বিসৰ্জন দিবলৈ গৈ প্ৰাণ হেৰুৱালে ৮ জনকৈ লোক।
আনহাতে এতিয়াও সন্ধানহীন হৈ আছে ৪০ জনৰো অধিক লোকৰ।
এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ জলপাইগুৰিত।
প্ৰতিমা বিসৰ্জন দিবলৈ গৈ এই লোকসকল উটি যায় নদীত।
প্ৰশাসনৰ প্ৰচেষ্টাত কিছু লোকক উদ্ধাৰ কৰা হয় যদিও নিশাৰ অন্ধাৰত বহু লোক উটি যায়।
প্ৰকৃততে কিমান লোক নদীত উটি গৈছে, সন্ধানহীন হৈছে তাৰ প্ৰকৃত হিচাপ নাই প্ৰশাসনৰ হাতত।
বংগৰ প্ৰশাসনে চলাই আছে উদ্ধাৰ অভিযান।
নিশাই বন্ধ কৰি দিয়া হৈছে প্ৰতিমা বিসৰ্জন।
ইফালে এই ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।