পবিত্ৰ ঈদ-উজ-জোহা…

সমগ্ৰ দেশতেই আজি উদযাপন হব পবিত্ৰ ঈদ-উজ-জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম উৎসৱ হৈছে ঈদুজ্জোহা বা বকৰিদ অথবা ঈদ-উজ-জোহা। সমগ্ৰ দেশৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে পালন  এই পৱিত্ৰ উৎসৱটি।

New Update
eidd

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতেই আজি উদযাপন হব পবিত্ৰ ঈদ-উজ-জোহা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম উৎসৱ হৈছে ঈদুজ্জোহা বা বকৰিদ অথবা ঈদ-উজ-জোহা। সমগ্ৰ দেশৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে পালন  এই পৱিত্ৰ উৎসৱটি।

Advertisment

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদকলৈ যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। সজাই-পৰাই তোলা হৈছে ঈদগাহ ময়দানৰ লগতে মছজিদসমূহ। আজিৰ এই পৱিত্ৰক্ষণটিৰ বাবে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে সমূহ ইছলামধৰ্মী ৰাইজলৈ জনাইছে ঈদৰ শুভেচ্ছা।

ঈদ-উল-জুহা বা ঈদ-উল আজহা ইছলাম ধৰ্মী লোকসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ'ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জোহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ'ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলমান লোকসকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, দুম্বা বা ছাগলী কোৰবাণী দিয়ে বা জবেহ কৰে।

কোৰবাণীৰ ইতিহাস বহু প্ৰাচীন। ইছলামিক ইতিহাস অধ্যয়ন কৰিলে গম পোৱা যায় যে সেই আদি পিতা আদম (আলাইহিছ ছালাম)ৰ যুগৰ পৰাই কোৰবাণীৰ বিধান চলি আহিছে। আদামৰ দুজন ল'ৰা সন্তান ক্ৰমে হাবীল আৰু কাবীলৰ কোৰবাণী উপস্থাপন কৰাৰ কথা ইছলামৰ মহাগ্ৰন্থ আল-কুৰআনৰ পৰা জানিব পাৰি।

আল্লাই কুৰআনত কৈছে যে- আদমৰ দুই পুত্ৰ হাবিল আৰু কাবিলৰ প্ৰকৃত কাহিনীটো সিহঁতক যথাযথভাৱে শুনাই দিয়া, যেতিয়া দুয়োজনে কোৰবাণী কৰিছিল, তেতিয়া এজনৰ কোৰবাণী গৃহীত অৰ্থাৎ কবুল হ'ল আৰু অন্য জনৰ কোৰবাণী কবুল নহ'ল। কোৰবাণী কবুল নোহোৱাজনে ক'লে – মই তোমাক অৱশ্যেই হত্যা কৰিম। অন্যজনে ক'লে, আল্লাহে তো সংযমীসকলৰ কুোবাণীকেই গ্ৰহণ(কবুল) কৰি থাকে। তুমি মোক হত্যা কৰিবলৈ হাত উঠালেও মই তোমাক হত্যা কৰিবলৈ হাত নুঠাওঁ। মই বিশ্বজগতৰ প্ৰভুক ভয় কৰোঁ।

ইছলাম ধৰ্মগ্ৰন্থ কুৰআনৰ মতে কুৰবাণীৰ বিধান প্ৰত্যেক জাতিৰ বাবেই আছিল। আল্লাহে কৈছে, প্ৰত্যেক সম্প্ৰদায়ৰ বাবে আমি কোৰবাণীৰ বিধান দিছো; যাতে মই সিহঁতক জীৱনোপকৰণৰ বাবে যিসকলো চতুষ্পদ জন্তু দিছো সেইবোৰৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰে।

ইফালে, নবী ইব্ৰাহীম (আলাইহিছ ছালাম) কোৰবাণীৰ আদৰ্শ হোৱাৰ ব্যাপাৰত কুৰআনত আল্লাহে কৈছে- সেই ল'ৰাজনে (ঈছমাইল)যেতিয়া তেওঁৰ(ইব্ৰাহীমৰ) লগত লৰাঢপৰা কৰিব পৰা বয়সত উপনীত হ'ল, তেতিয়া এদিন ইব্ৰাহীমে ঈছমাইলক ক'লে- 'হে মোৰ চেনেহৰ পুত্ৰ, মই সপোনত দেখিছো যে মই তোমাক জবেহ কৰিছো। এতিয়া কি কৰিব লাগে কোৱা। তেওঁ উত্তৰ দিলে- আব্বা জান, আপোনাক যি আদেশ দিয়া হৈছে তাকে কৰক।

আল্লাহে কৰিলে আপুনি দেখিব মই এজন ধৈৰ্যশীল ল'ৰা। যেতিয়া তেওঁলোক দুয়ো আল্লাহৰ শৰণাপন্ন হ'ল আৰু ইব্ৰাহীমে পুতেকক (জবেহ কৰিবৰ বাবে) তলমূৰ কৰি মাটিত বগৰাই ল'লে, তেতিয়া আমি তেওঁক মাত দি ক'লোঁ- হে ইব্ৰাহীম, তুমি তোমাৰ সপোন সিদ্ধি কৰিলা। এনেদৰেই আমি সৎকৰ্মীসকলক প্ৰতিদান দিওঁ। বাস্তৱিকতে এইটো এটা জটিল পৰীক্ষা আছিল। আৰু এটা মহাকুৰবাণীৰ বিনিময়ত আমি শিশুটিক বচাই ৰাখিলোঁ, আৰু তেওঁৰ প্ৰশংসা আৰু গুণ-গৰীমাৰ কথা পৰৱৰ্তী জনগণৰ মাজত বৰ্তাই ৰাখিলো।

ঈদ