কৰৈয়নী আঞ্চলিক ঈদগাহ ময়দান আৰু শ’লমাৰী ঈদগাহ ময়দানত ঈদৰ নমাজ সম্পন্ন

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ মাহজোৰা ৰােজা ৰাখি অন্তিম দিনা ইছলাম ধৰ্মীয় লোক সকলে পালন কৰিলে পৱিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ ৷

author-image
Asomiya Pratidin
New Update
কৰৈয়নী আঞ্চলিক ঈদগাহ ময়দান আৰু শ’লমাৰী ঈদগাহ ময়দানত ঈদৰ নমাজ সম্পন্ন

ডিজিটেল সংবাদ, জামুগুৰিহাট : আজি পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ মাহজোৰা ৰােজা ৰাখি অন্তিম দিনা ইছলাম ধৰ্মীয় লোক সকলে পালন কৰিলে পৱিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ ৷

Advertisment

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ চতিয়াৰ কৰৈয়নী আঞ্চলিক ঈদগাহ ময়দান, চতিয়া আঞ্চলিক ঈদগাহ ময়দান, কটৰআটি ঈদগাহ ময়দান, শ’লমাৰী মৌলনা আব্দুল লতিফ ঈদগাহ ময়দানকে আদি কৰি বিভিন্ন  ঈদগাহ ময়দানত ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰে ৷

আজি এই পৱিত্ৰ দিনটোতে সমগ্ৰ ৰাজ্যৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কৰৈয়নী আঞ্চলিক ঈদগাহ ময়দানত পৱিত্ৰ ঈদৰ নামাজৰ আগতেই আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুদ্দুচ্চ আলি চৰকাৰ নেতৃত্বত আৰু বিশ্বনাথ জিলা সমিতিৰ সভাপতি ফকিৰ আলিৰ সহযোগত আমছুৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ঈদগাহ ময়দানত উপস্থিত থকা বিশিষ্ট ব্যক্তি আৰু আমছুৰ কৰ্মী সকলে  ৪৬ খন পতকা উত্তোলন কৰে ৷

ইফালে শ’লমাৰীৰ মৌলনা আব্দুল লতিফ ঈদগাহ ময়দানত ঈদ-উল-ফিটৰৰ নমাজৰ পিছত সকলোৱে মিলি বিশ্ব শান্তি,ভাতৃত্ববোধ আৰু গৰাখহনীয়াক লৈ নেদেখা জনৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা হয় ৷

eid