সমন্বয়ঃ ঈদৰ নামাজত অংশ ল'লে হিন্দুলোকে

বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব শান্তি বাবে নগাঁৱৰ নিজকঠীয়াতলী আঞ্চলিক ঈদগাহ ময়দানত ইছলাম ধৰ্মালম্বী লোকসকলৰ সৈতে হিন্দুলোকে ঈদ-উল-আজহাৰ নামাজ আদায় কৰে। পাঁচ সহস্ৰাধিক লোকক ঈদৰ নামাজ পঢ়াই মুফটি আবু হানিফাই।

author-image
Asomiya Pratidin
New Update
সমন্বয়ঃ ঈদৰ নামাজত অংশ ল'লে হিন্দুলোকে

সমন্বয়ঃ ঈদৰ নামাজত অংশ ল'লে হিন্দুলোকে

ডিজিটেল সংবাদ, কামপুৰঃ বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব শান্তি বাবে নগাঁৱৰ নিজকঠীয়াতলী আঞ্চলিক ঈদগাহ ময়দানত ইছলাম ধৰ্মালম্বী লোকসকলৰ সৈতে হিন্দুলোকে ঈদ-উল-আজহাৰ নামাজ আদায় কৰে। পাঁচ সহস্ৰাধিক লোকক ঈদৰ নামাজ পঢ়াই মুফটি আবু হানিফাই।

উল্লেখযোগ্য যে, বহুবছৰৰ পৰা নিজকঠীয়াতলীত ঈদৰ নামাজ আদায় কৰাৰ সময়ত অঞ্চলটোৰ অন্য জনগোষ্ঠীৰ হিন্দুলোকো উপস্থিত থাকি হিন্দু ইছলামৰ সমন্বয় ৰক্ষা কৰি আহিছে। ঈদ উদযাপন কমিটীৰ সভাপতি খলিলোৰ ৰহমান আৰু সম্পাদক জাহেদ আলিয়ে উপস্থিত থকা হিন্দু আৰু ইছলাম লোকসকলক আজি ঈদ-উল-আজহা ৰ নামাজস্থলীত উপস্থিত থকাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ঈদ কামপুৰ