কচুৱাৰ ৰজাআলিত ঈদৰ ব্যাপক প্ৰস্তুতি

ঈদ উপলক্ষ্যে সজাই পৰাই তোলা হৈছে কচুৱাৰ ৰজাআলিৰ আব্দুল আজিজ ঈদগাহ ময়দান। বিশ্ব শান্তিৰ বাবে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই ঈদগাহ ময়দানতে কৰিব ঈদৰ নামাজৰ আৰু দোৱা।

author-image
Asomiya Pratidin
New Update
কচুৱাৰ ৰজাআলিত ঈদৰ ব্যাপক প্ৰস্তুতি

কচুৱাৰ ৰজাআলিত ঈদৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ,কামপুৰঃ কাইলৈ পবিত্ৰ ঈদ। ঈদ উপলক্ষ্যে সজাই পৰাই তোলা হৈছে কচুৱাৰ ৰজাআলিৰ আব্দুল আজিজ ঈদগাহ ময়দান। বিশ্ব শান্তিৰ বাবে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই ঈদগাহ ময়দানতে কৰিব ঈদৰ নামাজৰ আৰু দোৱা।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন প্ৰান্তত বৰপানী নৈৰ বানে তাণ্ডৱ চলোৱাৰ পিছত সম্প্ৰতি পৰিস্থিতি কিছু উন্নত হৈছে। যাৰবাবে ঈদৰ প্ৰাকক্ষণত কচুৱাৰ ঐতিহাসিক ৰজাআলি ঈদগাহ ময়দান পোন প্ৰথমবাৰৰ বাবে আটকধুনীয়াকৈ সজাই পৰাই তুলা পৰিলক্ষিত হৈছে। পুৱা ন বজাত অনুষ্ঠিত হ'ব ঈদৰ সমূহীয়া নামাজ। নামাজৰ অন্ততঃ প্ৰায় দহ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে একেলগে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত কৰিব দোৱা। 

কামপুৰ ঈদ