মথুৰাপুৰত ঈদৰ উচাহ : শান্তি, ভাতৃত্ববোধ কামনাৰে সমূহীয়া দোৱা

সম্পূৰ্ণ এটা মাহ উপবাস থাকি ৰোজা পালন কৰাৰ অন্তত সোমবাৰে আনন্দ উল্লাহৰ মাজেৰে  উদযাপন কৰে এই পৱিত্ৰ ঈদ। এই উপলক্ষে পুৱা মথুৰাপুৰ ৰাজহুৱা ঈদগাহ ময়দানত মথুৰাপুৰ জামাত আৰু মাজগাওঁ  জামাত একত্ৰিত হৈ  সমূহীয়াকৈ ঈদৰ নামাজ সমাপন কৰে।

author-image
Asomiya Pratidin
New Update
শান্তি,ভাতৃত্ববোধ কামনাৰে সমূহীয়া দোৱা

ডিজিটেল সংবাদ,মথুৰাপুৰ : আজি ইচলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ। সমগ্ৰ দেশৰ লগতে
চৰাইদেউ জিলাৰ বিভিন্ন ঈদগাহ আৰু মছজিদসমূহ লগতে মথুৰাপুৰতো পৰম্পৰাগতভাৱে উলহ-মালহেৰে  উদযাপন কৰে ঈদ।

সম্পূৰ্ণ এটা মাহ উপবাস থাকি ৰোজা পালন কৰাৰ অন্তত সোমবাৰে আনন্দ উল্লাহৰ মাজেৰে  উদযাপন কৰে এই পৱিত্ৰ ঈদ। এই উপলক্ষে পুৱা মথুৰাপুৰ ৰাজহুৱা ঈদগাহ ময়দানত মথুৰাপুৰ জামাত আৰু মাজগাওঁ  জামাত একত্ৰিত হৈ  সমূহীয়াকৈ ঈদৰ নামাজ সমাপন কৰে।

বিশ্ব শান্তিৰ লগতে ভাতৃত্ববোধেৰে সকলোৰে মংগল কামনা কৰি সমূহীয়াভাৱে দোৱা আগবঢ়ায় ৷ ইফালে আজি ঈদৰ নামাজত ইমামতী কৰে মথুৰাপুৰ সদৰ মছজিদৰ ইমাম মৌলনা এনামুল হকে।

eid mathurapur