আজি পবিত্ৰ ঈদ-উল-ফিতৰ

ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। ঈদগাহ ময়দান, মছজিদতো সমূহীয়া নামাজৰ আয়োজন কৰিছে। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dww

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ঈদ-উল-ফিতৰ। মাহজোৰা উপবাসৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে দেখা গৈছে প্ৰেম–ভাতৃত্ববোধৰ ছবি। 

ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল-মাখল পৰিৱেশ। ঈদগাহ ময়দান, মছজিদতো সমূহীয়া নামাজৰ আয়োজন কৰিছে। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

এই জাকাতৰ উদ্দেশ্য হ’ল অভাবী লোকসকলে যাতে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হয় তাৰ বাবে সামর্থবান লোকে সম্পত্তিৰ চল্লিছ ভাগৰ এভাগ দান কৰে । অকল ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগ লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বানী বিলাই উদযাপন কৰে পবিত্ৰ ঈদ-উল-ফিতৰ ।

ঈদ-উল-ফিতৰ