শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা...

চাৰি কৃতী শিক্ষাৰ্থীক বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা...

ডিজিটেল সংবাদ, জোনাই : ঐতিহ্যমণ্ডিত জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বিশিষ্ট শিক্ষাবিদ তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকদেৱৰ দ্বাবিংশতিতম মৃত্যু বার্ষিকী আৰু স্মৃতিচাৰণ সভা এখন আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।

Advertisment

টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানৰ কাৰ্যসূচীমতে পুৱাৰ ভাগত টাকাব চন্দ্ৰ মেদকদেৱৰ প্ৰতিমূৰ্তিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্রতাপ চন্দ্ৰ পাৱৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ফাগুনী মেদক সোঁৱৰণী বিদ্যা নিকেতন, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু দ:ঞি-প:ল য়েলাম কেবাং, বিজয়পুৰৰ দ্বাৰা প্ৰাৰ্থনা পৰিবেশন কৰা হ'ব।

ইয়াৰ পিছত টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি ড° হৰকান্ত পেগুৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগা স্মৃতিচাৰণ আৰু সম্বৰ্ধনা সভা উদ্বোধন কৰে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে। উদ্বোধনী ভাষণত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে টাকাব চন্দ্ৰ মেদক মহান ব্যক্তিৰ অধিকাৰী এগৰাকী আদৰ্শ শিক্ষাবিদ আছিল বুলি মন্তব্য কৰে। টাকাব চন্দ্র মেদক স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ৰয়েল পেগুৱে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত মুখ্য পৃষ্ঠপোষক হৰিপ্ৰসাদ মিলিয়ে আদৰণি ভাষণ প্ৰদান কৰে।

সভাত জোনাই বিজ্ঞান মহাবিদ্যালয় অধ্যক্ষ ড০ ৰাজেশ্বৰ পেগুৱে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি কেৰিয়াৰ কাউন্সিলৰ ওপৰত বক্তব্য প্ৰদান কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ নিৰ্বাচন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সচিব প্ৰদীপ কুমাৰ দলে, সাংস্কৃতিক সঞ্চালকালয় অসমৰ অৱসৰ প্ৰাপ্ত উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলে, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰমানন্দ দাৰিক, ন্যাসৰ পৃষ্ঠপোষক শান্তনু মেদক, জোনাই মহকুমা জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি ৰাসেশ্বৰ পায়েং, জ্যেষ্ঠ অধিবক্তা প্ৰহ্লাদ চাৰহ, বিশিষ্ট কবি মাধৱ পাৱ, অবসৰ প্ৰাপ্ত শিক্ষক বলেশ্বৰ কাৰ্দং, কৰ্জুন পাইত নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ জীৱন কলিতা, নাজিৰা লেখিকা সমাৰোহৰ সম্পাদক মঞ্জু ঘৰপলীয়া বৰা, নাজিৰাৰ অ' এন জি চি বিষয়া ভবানন্দ বৰা, চিলাপথাৰ বাণিজ্যিক মহাবিদ্যালয়ৰ অধ্যক্ষ সীতাৰাম বৰি আদিয়ে উপস্থিত থাকে। তদুপৰি সভাত নাজিৰাৰ বিশিষ্ট শিল্পী দিলীপ দাসে গীত পৰিবেশন কৰে।

সভাত ২০২২ শিক্ষা বৰ্ষত ধেমাজি জিলাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আশিষ শর্মা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্যিক, বিজ্ঞান আৰু কলা শাখাত জিলাখনৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ক্ৰমে নিৰজ কুমাৰ শ্বাহ, দুলহনা পেগু আৰু হৰিপ্ৰসাদ চেতিয়া আদি চাৰি কৃতী শিক্ষাৰ্থীক গাইপতি নগদ দহ হেজাৰ টকা, প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

সভাত শিক্ষা আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে বিশিষ্ট তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ধন্যদা দলে পাৱ আৰু যশস্বী লোকশিল্পী তৰাৱতী মিলি বৰিক প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ পৃষ্ঠপোষক শান্তনু মেদকে।

assam jonai