বান পৰিস্থিতিৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে পুনৰ ৮ জুনলৈ বন্ধ দিয়া হৈছে কাছাৰ জিলাৰ সকলো শিক্ষানুষ্ঠান। জিলাখনৰ সৰহ সংখ্যক বিদ্যালয়ত বানাক্ৰান্ত লোক সকলে আশ্ৰয় লৈ থকাৰ বাবে এই সিদ্ধান্ত প্ৰশাসনৰ।

author-image
Asomiya Pratidin
New Update
৮ জুনলৈ বন্ধ কাছাৰ জিলাৰ সকলো শিক্ষানুষ্ঠান

৮ জুনলৈ বন্ধ কাছাৰ জিলাৰ সকলো শিক্ষানুষ্ঠান

ডিজিটেল সংবাদ শিলচৰ: সাম্প্ৰতিক বান পৰিস্থিতিৰ বাবে পুনৰ ৮ জুনলৈ বন্ধ দিয়া হৈছে কাছাৰ জিলাৰ সকলো শিক্ষানুষ্ঠান। জিলাখনৰ সৰহ সংখ্যক বিদ্যালয়ত বানাক্ৰান্ত লোক সকলে আশ্ৰয় লৈ থকাৰ বাবে এই সিদ্ধান্ত প্ৰশাসনৰ। আনহাতে, জিলাখনৰ বিভিন্ন এলেকা এতিয়াও বানৰ কৱলত আছে।

Advertisment

কাছাৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান ৮ জুন পৰ্যন্ত বন্ধ থাকিব। প্ৰশাসনৰ পূৰ্বৰ নিৰ্দেশনাত প্ৰথম অৱস্থাত ৩ জুনত শিক্ষানুষ্ঠান সমুহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই বন্ধ ৪ আৰু ৫ জুনলৈ বৃদ্ধি কৰা হয়। ইফালে, বানপানীৰ বাবে আজিও বন্যাৰ্ত সকল শিক্ষানুষ্ঠান সমুহত আশ্ৰয় লৈ থকাত প্ৰশাসনে ৬ জুন শুকুৰবাৰে শিক্ষানুষ্ঠান সমুহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে।‌ ৭ জুন ঈদ-ঊজ-জোহা আৰু দেওবাৰ সাপ্তাহিক বন্ধ হোৱা বাবে অহা ৯ জুনতহে পুনৰ শিক্ষানুষ্ঠান সমুহত নিয়মীয়া পাঠদান হ'ব বুলি নিৰ্দেশ জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে।

বান কাছাৰ জিলা কাছাৰ