/asomiyapratidin/media/media_files/2025/02/08/0meifhksiMluLNTWGpXo.jpg)
কচুৱাৰ লংজাপ ৯ নং খেৰনি প্ৰাথমিক বিদ্যালয়ত শিক্ষা সজাগতা সভা
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ কচুৱাৰ লটুমাৰী ৯ নং খেৰনী প্ৰাথমিক বিদ্যালয়ত নগাঁও জিলা সমগ্ৰ শিক্ষা উদ্যোগত অনুসূচিত জাতি জনজাতিৰ ছাত্ৰ- ছাত্ৰীসকলৰ উন্নয়নৰ বাবে শিক্ষা সজাগতা সভা অনুষ্ঠিত হয়। গাঁৱলীয়া আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়মুখী শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীতাৰ লগতে চৰকাৰৰ বিভিন্ন শৈক্ষিক আঁচনিৰ বিষয়ে সজাগ আৰু সচেতনতা যোগায় এই সজাগতামূলক সভাৰযোগেদি।
লংজাপ সমল কেন্দ্ৰৰ প্ৰায় ১৯ খন প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকা আৰু বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে উক্ত সভাত । ছাত্ৰ -ছাত্ৰী আৰু শিক্ষকৰ সহযোগত শিক্ষা সজাগতা সমদল, বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ পিছত মুকলি সভা অনুষ্ঠিত হয়।
উল্লেখ্য যে অৱসৰপ্ৰাপ্ত শিক্ষক চিদাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাখন। ডি পি অ চি এম প্ৰশান্ত কোঁৱৰৰ নেতৃত্বত কঠিয়াতলী শিক্ষাখণ্ডৰ বি আৰ পি ৰতন চন্দ্ৰ দাসে আঁত ধৰা সভাত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যক্ষ পদুম কাকতি, জিলা হাইস্কুল কৰ্মচাৰী পৰিষদৰ সভাপতি যুগেশ্বৰ ৰাজখোৱা, নগাঁও একাডেমী কাউন্সিলৰ সম্পাদক ৰঞ্জিত শইকীয়া, জুৰিৰপাৰ সমল কেন্দ্ৰৰ চি আই চি চি ৰাতুল বৰা, লংজাপ বৰপানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জোনাব আলী, লংজাপ ৯ নং খেৰনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবাদ দাস, লগতে বহু কেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বহু গণ্য মান্য ব্যক্তি।