EDITORS' MEET: জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ পাৰিপাৰ্শ্বিকতাক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ...

শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন ই পি ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ। জলবায়ু পৰিৱৰ্তন, দুযোগ ব্যৱস্থাপনা আৰু ইয়াত সংবাদ মাধ্যমৰ ভূমিকাক লৈ অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ আলোচনা সত্ৰখন।

author-image
ডিম্পুল বৰগোহাঁই
আপডেট কৰা হৈছে
New Update
শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন ই পি ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ। জলবায়ু পৰিৱৰ্তন, দুযোগ ব্যৱস্থাপনা আৰু ইয়াত সংবাদ মাধ্যমৰ ভূমিকাক লৈ অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ আলোচনা সত্ৰখন।

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন ই পি ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ। জলবায়ু পৰিৱৰ্তন, দুযোগ ব্যৱস্থাপনা আৰু ইয়াত সংবাদ মাধ্যমৰ ভূমিকাক লৈ অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ আলোচনা সত্ৰখন।

Advertisment
962d3789-0a06-48f6-a555-718285d42592

এডিটৰ মিট- শীৰ্ষক এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যৰ প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিনিধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ আলোচনা সত্ৰখনিত সহযোগিতা আগবঢ়াই অসম চৰকাৰৰ দুৰ্যোগ আৰু প্ৰশমন বিভাগে। অনুষ্ঠানটিত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্ত। 

9aa27391-05c2-4b58-b38e-070c35c6f279

উপাচাৰ্যগৰাকীয়ে কয় যে, জলবায়ু পৰিৱৰ্তন এতিয়া কেৱল বিদ্যায়তনিক বিষয় হৈ থকা নাই। জলবায়ু এতিয়া ৰাজনৈতিক ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ বিষয়। আমেৰিকাৰ দৰে দেশত জলবায়ু বিষয়ক লৈ কিদৰে ৰাজনীতি হব পাৰে, সেয়া আমি প্ৰত্যক্ষ কৰিছো। সেয়া যি কি নহওঁক, আগন্তুক সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনক লৈ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰাৰ কথা চিন্তা কৰিছো। এই ক্ষেত্ৰত অচিৰেই কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে উপাচাৰ্য গৰাকীয়ে। 

13d0daa4-9caa-4827-b2f6-6d3c41c7be6f

আলোচনা সত্ৰখনিৰ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা প্ৰফেচৰ উৎপল শৰ্মাই। উদ্বোধনী ভাষণত শৰ্মাই কয়- জলবায়ু পৰিৱৰ্তন, পাৰিপাশ্বিকৰ্তা সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে আৰু ইয়াৰ ক্ষেত্ৰত আলোচনাৰ প্ৰয়োজন আছে। তেওঁৰ বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে গ্ৰহণ কৰা এই প্ৰদক্ষেপৰ আদৰণি জনায় আৰু ইয়াৰ পৰা এক ফলপ্ৰসূ ফলাফল ওলাব বুলি আশা প্ৰকাশ কৰে।

3fea117c-e3e4-4e60-be65-b2473a31d5be

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন গোস্বামীয়ে আঁত ধৰা এই আলোচনা সত্ৰখনিত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই কয় যে, অসমখন অতিকৈ দুৰ্যোগ প্ৰধান এখন ৰাজ্য গতিকে এনে এখন ৰাজ্যত দুৰ্যোগ প্ৰশমনক লৈ বিশেষ সজাগতাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়িত্ব আছে। আমি যিমান পাৰো এই ক্ষেত্ৰত কাম কৰিবলৈ চেষ্টা কৰি আছো। আমি আশা কৰো আছে, এনে আলোচনা সত্ৰৰ পৰা এটা যোগাত্মক দিশৰ সন্ধান সকলোৱে পাব।

6edabf9c-80a6-43c3-94a5-f1e3f4564c32 (2)

আলোচনা সত্ৰত উপস্থিত থকা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে কয় যে, অসমৰ সাংবাদিকতাত এতিয়াও জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনক লৈ আৰু অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অসমৰ সংবাদমাধ্যমে এই বিষয়টোত যিমান গুৰুত্ব প্ৰদান কৰিব লাগে, সিমানখিনি প্ৰদান কৰা নাই বুলি মোৰ মনে ধৰে। জলবায়ু  আৰু পৰিৱেশ সম্পৰ্কীয় সম্যক জ্ঞান সংবাদমাধ্যমৰ সৈতে জড়িত প্ৰায়বোৰ লোকৰ নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, এই বিষয়বোৰক লৈ জনসাধাৰণৰো উৎসুকতা খুবেই কম। 

5e37dab2-d9cd-4411-9368-5365b1575a98

বিশিষ্ট সাংবাদিক ৰত্না ভৰাঁলীয়ে এনে বিষয়টোক লৈ এনে এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, জলবায়ু বিষয়টোত সাংবাদিকতাত অধিক গুৰুত্বপূৰ্ণ প্ৰদান কৰিব লাগে। ইয়াৰ বাবে বিশেষ সা-সুবিধা প্ৰদানৰো প্ৰয়োজন আছে। সাংবাদিকসকলক এই ক্ষেত্ৰত অধিক অধ্যয়নৰ বাবে যদিহে অৰ্থনৈতিকভাৱে সহায় কৰিব পাৰো, তেনে ই অতি ভাল কথা। লগতে সাংবাদিকতাৰ শিক্ষাৰ্থীসকলক এই বিষয়টোত পুংখানুপুংখভাৱে অধ্যয়নৰ বাবে জলপানিৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিলে অধিক ফলপ্ৰসূ ফলাফল ওলাব বুলি আশা কৰোঁ। 

fd3272f8-ca24-49c9-b503-37b93fa7aac8

আলোচনা সত্ৰখনত উপস্থিত থকা দুৰদৰ্শনৰ সাংবাদিক শান্তনু ৰৌমৰীয়াই কয় যে, জলবায়ু পৰিৱৰ্তন বিষয়ক লৈ আমি সাধাৰণ ৰাইজক বুজাবলৈ সাধাৰণ পন্থাৰ সহায় লব লাগিব। বিশেষকৈ নতুন প্ৰজন্মক এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবলৈ আমি ডিজিটেল প্লেটফৰ্মৰ সহায় লবই লাগিব। ব্যৱহাৰিক ক্ষেত্ৰত আমি কাম কৰিবলৈ হলে আমি অতি টান টান কথাবোৰতকৈ সহজ-সৰল ভাষাত এনে বিষয়বোৰৰ সন্দৰ্ভত বুজাব পাৰিলে অধিক ভাল ফলাফল ওলাব বুলি তেওঁ মতপোষণ কৰে। 

2bbf3507-b1d5-4a7e-9c5d-ad6ca45554be

অসমীয়াৰ লগতে হিন্দী ভাষাতো আগন্তুক সময়ত অসমৰ জলবায়ু পৰিৱৰ্তনক লৈ বিশেষ অগ্ৰাধিকাৰ দিয়াৰ কথা সদৰি কৰে জ্যেষ্ঠ সাংবাদিক ৰবি শংকৰ ৰবিয়ে। অনুষ্ঠানটোত বহুকেইটা সংবাদমাধ্যমৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ মত ব্যক্ত কৰে।

শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন গোস্বামীয়ে এই আলোচনা খনিৰ পৰা আগন্তুক দিনত পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক সহায়ক বিশেষ ৫টা সিদ্ধান্ত গ্ৰহণৰ কথা ৰাজহুৱা কৰে। অনাগত সময়ত জলবায়ু পৰিৱৰ্তন, পৰিৱেশ বিষয়ক লৈ বিশ্ববিদ্যালয়ে কৰি থকা গৱেষণাসমূহ সংবাদমাধ্যম তথা ৰাইজলৈ মাজলৈ নিবলৈ বিশেষ এখন ডিজিটেল হাতপুথি প্ৰস্তুতকৰণ কথাও উল্লেখ কৰে গোস্বামীয়ে।

উক্ত আলোচনা সত্ৰখনিত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থাীসকল উপস্থিত থাকে।  প্ৰায় দুঘন্টীয়া এই আলোচনা সত্ৰখনিত বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিয়েও  নিজা নিজা মত ব্যক্ত কৰে। অনুষ্ঠানটিত উপস্থিত থকা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকলেও বিভাগে গ্ৰহণ কৰা বিভিন্ন কাৰ্যকলাপৰ সন্দৰ্ভত বৰ্ণনা কৰে। 

গুৱাহাটী আলোচনা চক্ৰ