বিনাশ কালে…

বিনাশ কালে…

হিন্দী বলয়ৰ অভিকেন্দ্ৰস্বৰূপ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছৰ হাতত পৰাজয়বৰণ কৰা বিজেপিৰ একাংশ নেতাই এই কথা উপলব্ধি কৰিবলৈ লৈছে যে হিন্দুত্ববাদী ৰাজনীতি অথবা ৰাম মন্দিৰ নিৰ্মাণৰ ইছ্যুবোৰে সৰ্বসাধাৰণ ৰাইজক আমুৱাবলৈ ধৰিছে৷ নব্বৈ শতাংশৰো অধিক হিন্দু ধৰ্মাৱলম্বী লোকে বসবাস কৰা ছত্তীশগড়ত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷ তেওঁ কেৱল ছত্তীশগড়তেই নহয়, ৰাজস্থানতো আনকি ৰাম মন্দিৰ নিৰ্মাণৰ দৰে ইছ্যুবোৰক লৈ নিৰ্বাচনী সভাবোৰত ব্যপক প্ৰচাৰ চলাইছিল৷

দেশৰ ৰাজনীতিত কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে পৰিচিত আদিত্যনাথে দুয়োখন ৰাজ্যতে দলৰ প্ৰায় সত্তৰ শতাংশ নিৰ্বাচনী সভাত অংশ লৈছিল৷ বিকাশ, উন্নয়নৰ পৰিৱৰ্তে তেওঁ ভগৱান শ্ৰীৰাম, হনুমান, গণেশ আদিৰ প্ৰসংগৰে হিন্দু সমাজক মেৰুকৰণ প্ৰচেষ্টা চলাইছিল৷ যোগী আদিত্যনাথে বিজেপিৰ এনে এজন নেতা, যাৰ পোছাক-পৰিচ্ছদ আৰু বাগাড়ম্বৰপূৰ্ণ বক্তৃত- সকলোতে গেৰুৱাকৰণৰ পয়োভৰ ঘটিছে৷

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আদিত্যনাথে যিবোৰ অঞ্চলত প্ৰচাৰ চলাইছিল, সেইবোৰ অঞ্চলতে ভোটাৰে বিজেপিক প্ৰত্যাখ্যান কৰিছে৷ অৰ্থাৎ জনসাধাৰণে কোনোপধ্যে সাম্প্ৰদায়িক মেৰুকৰণ হোৱাটো বিচৰা নাই৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে দীৰ্ঘকাল ধৰি বিজেপিৰ শাসনত থকা ৰাজ্যবোৰৰ নাগৰিক সমাজে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ প্ৰতি অতিষ্ঠ হৈয়ে বিকল্পৰ সন্ধান কৰিছে৷ উত্তৰ প্ৰদেশৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পিচত এইবাৰ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত তাৰেই প্ৰতিফলন ঘটিছে৷

বহুতেই ক'ব খোজে যে একেৰাহে পোন্ধৰ বছৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰা শিৱৰাজ সিং চৌহানক এজন অটল বিহাৰী বাজপেয়ী পন্থী উদাৰ নেতা হিচাপে জনসাধাৰণে আদৰি লৈছে বাবেই ৰাজ্যখনত কংগ্ৰেছ কোনোমতেহে ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে৷ সেই অৰ্থতে যোগী আদিত্যনাথ আৰু শিৱৰাজ সিং চৌহানৰ মাজৰ ৰাজনৈতিক ভাৱমূৰ্তিৰ বিৰাট ব্যৱধান ওলাই পৰিছে৷

লক্ষণীয়ভাৱে বিজেপিৰ সাম্প্ৰতিক দুৰাৱস্থাৰ মাজতে কিন্তু দলটোৰে একাংশ নেতা আৰু সংঘ পৰিয়ালৰ সহযোগী দল-সংগঠনে সম্প্ৰতি পুনৰ হিন্দুত্ববাদী ৰাজনীতিকে ঊৰ্ধ্বত তুলি ধৰিব বিচাৰিছে৷ নিৰ্বাচনী বিফলতাৰ পিচতো বৰং তেওঁলোকে অতি উৎসাহেৰে ৰাম মন্দিৰ ইছ্যুটোক পুনৰ সক্ৰিয় ৰূপ দিব বিচাৰিছে৷ সচেতন মহলৰ মতে নিৰ্বাচনী বিফলতাৰ ফলত সৃষ্টি হোৱা হতাশাই তেওঁলোকক অহা দিনবোৰত অধিক বেপৰোৱা কৰি তুলিব পাৰে৷

যোৱা বুধবাৰে সংসদৰ শীতকালীন অধিৱেশনত বিজেপিৰ মিত্ৰ দল শিৱসেনাৰ একাংশ সাংসদে প্ৰধানমন্ত্ৰী মোডীক 'জয়শ্ৰী ৰাম' বুলি সম্বোধন কৰে আৰু 'হৰ হিন্দু কী য়হি পুকাৰ, পেহলে মন্দিৰ ফিৰ চৰকাৰ' শ্ল'গানেৰে প্লেকাৰ্ড আদিও প্ৰদৰ্শন কৰে৷ ড০ সুব্ৰমণিয়াম স্বামীৰ দৰে বিজেপিৰ জ্যেষ্ঠ নেতাই তিনিওখন ৰাজ্যৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিচত টুইটাৰযোগে মন্তব্য কৰে যে দলটোৱে মধ্যপ্ৰদেশ আৰু ৰাজস্থানত অতি কম ব্যৱধানত পৰাজিত হোৱাৰ মূল কাৰণটো হৈছে- বিজেপিয়ে হিন্দুত্বক ঊৰ্ধ্বত তুলি ধৰাত ব্যৰ্থ হৈছে৷

তেওঁৰ মতে বিকাশ-উন্নয়নৰ ইছ্যু নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় যদিও সেয়া পৰ্যাপ্ত নহয়৷ এইদৰে দেখা গৈছে যে বিজেপিৰ হিন্দুত্ব ব্ৰিগেডে এতিয়াও জনসাধাৰণৰ মতৰ সঠিক পৰ্যালোচনা কৰিবলৈ সক্ষম হোৱা নাই৷ এই পৰিপ্ৰেক্ষিততে বিজেপিবিৰোধী শক্তিবোৰে ক'ব খোজে যে গেৰুৱা দলটোক এতিয়া আৰু বিকাশ-উন্নয়নৰ মুখা প্ৰয়োজন নাই৷

২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণকে একমাত্ৰ ইছ্যু কৰিব পাৰে বুলিও তেওঁলোকে ধৰাণা কৰে৷ কিছুমানৰ মতে সেয়া হ'ব বিনাশ কালে বিপৰীত বুদ্ধিৰ দৰে কথা৷ দলটোৰ একাংশ নেতাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই আজি ৰাজস্থান, মধ্যপ্ৰদশ আৰু ছত্তীশগড়ত এই দুৰৱস্থা হ'বলৈ পাইছে৷ অৱশ্যে কেৱল বিজেপিৰ ক্ষেত্ৰতেই নহয়, কংগ্ৰেছ বা অন্য দলবোৰকো দেশৰ কৃষক তথা শ্ৰমজীৱী ৰাইজে উচিত শিক্ষা দিছে৷

ছত্তীশগড়ৰ ঋণগ্ৰস্ত খেতিয়কে যদি বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক ভোট দিছে, আকৌ তেলেংগানাত কংগ্ৰেছ-বিজেপিৰ বিপৰীতে তেলেংগানা ৰাষ্ট্ৰ সমিতিক জয়ী কৰাইছে৷ মিজোৰামতো দুয়োটা দলকে জনসাধাৰণে অস্বীকাৰ কৰিছে৷ ২০১৩ চনত এই পাঁচোখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিচত এইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে কৈছিল যে দেশত কংগ্ৰেছমুক্ত ভাৰতৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে৷

আচৰিত কথাটো হ'ল- এইবাৰ প্ৰধানমন্ত্ৰীয়ে বিশেষ মন্তব্য কৰা নাই৷ অৰ্থাৎ দলৰ কৰ্মীসকলে উপলব্ধি নকৰিলেও প্ৰধানমন্ত্ৰীয়ে হয়তো এই কথাৰ উমান পাইছে যে দুৰ্গত ৰাইজৰ জীৱন-জীৱিকাৰ সমস্যাক গুৰুত্ব নিদি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিলে সকলোৰে একেই দশা হ'বগৈ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in