এইবাৰ ই ডি ৰ চমন জাৰি মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীলৈ !

এইবাৰ ই ডি ৰ চমন জাৰি মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীলৈ !

author-image
asomiyapratidin
New Update
এইবাৰ ই ডি ৰ চমন জাৰি মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীলৈ !

ডিজিটেল ডেস্ক : দেশত যেন প্ৰতিযোগিতা চলিছে ই ডি ৰ চমন জাৰি কৰাৰ। বিৰোধী দলসমূহৰ নেতা, কৰ্মী তথা ঘনিষ্ঠ ব্যক্তিসকলক সাঙুৰি ৰচা হৈছে এক বৃহৎ জাল। বিভিন্ন কেলেংকাৰীত যিকোনো প্ৰকাৰে বোকা চটিয়াই গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে ই ডি। এই অভিযানত নতুনকৈ অভিযুক্ত হৈছে সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী। চোৰাং কয়লাৰ সৰবৰাহৰ অভিযোগৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে অভিষেক বেনাৰ্জীলৈ। 

Advertisment

শুক্ৰবাৰে ৰাতিপুৱা ই ডি ৰ কলিকতা কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে নেতা গৰাকীক। আনহাতে, ই ডি ৰ নতুন দিল্লীৰ কাৰ্য্যালয়ৰ বিষয়াই জেৰা কৰিব অভিষেকক।

উল্লেখ্য যে, সোমবাৰে এক অনুষ্ঠানত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ দ্বিতীয় গুৰুত্বপূৰ্ণ ব্যক্তি হোৱাৰ বাবেই অভিষেকলৈ ই ডি ৰ চমন জাৰি হোৱাৰ সম্ভাৱনা আছে বুলি ভাষ্য প্ৰদান কৰিছিল।

আৰু পঢ়ক : ধেমাজিত ৯ খন চুৰি মটৰচাইকেল উদ্ধাৰ…

ed tmc Mamta banarjee