Advertisment

কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ প্রাক্তন বিষয়ববীয়াৰ ঘৰত ইডিৰ অভিযান...

ৰিজু শৰ্মা,নৱকান্ত শৰ্মা,ধীৰাজ শৰ্মাকে ধৰি কেইবাজনৰো গৃহত অভিযান চলায় ইডিয়ে । অভিযানকালত দলটোৱে জব্দ কৰে ১.৮২ কোটি টকাৰ বীমাৰ পলিচীৰ লগতে ২৭টা বেংক একাউণ্টৰ তথ্য ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ইডিৰ নজৰৰ পৰা সাৰি নগ’ল কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়া ।বিত্তীয় কেলেংকাৰী তদন্ত কৰিবলৈ ইডিয়ে অভিয়ান চলায় কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়াৰ ঘৰত । 

Advertisment

উল্লেখযোগ্য যে ২০০৩ ৰ পৰা ২০১৯ চনলৈ সংঘটিত হৈছিল ৭.৬২ কোটি টকাৰ অনিয়ম । উক্ত অনিময়ৰ তদন্তৰ বাবেই ২২ জানুৱাৰী, বুধবাৰে অভিযান চলায় ইডিয়ে ।

ৰিজু শৰ্মা,নৱকান্ত শৰ্মা,ধীৰাজ শৰ্মাকে ধৰি কেইবাজনৰো গৃহত অভিযান চলায় ইডিয়ে । অভিযানকালত দলটোৱে জব্দ কৰে ১.৮২ কোটি টকাৰ বীমাৰ পলিচীৰ লগতে ২৭টা বেংক একাউণ্টৰ তথ্য ।

লক্ষণীয় যে CIDত ৰুজু হোৱা গোচৰৰ পিছতে ইডিয়েও গোচৰটোকে লৈ তদন্ত আৰম্ভ কৰে । ইডিয়ে অভিযান কালত স্থাবৰ-অস্থাবৰ সম্পত্তিৰ বহু গুৰুত্বপূৰ্ণ নথিও জব্দ কৰে অভিযান চলোৱা লোকসকলৰ বাসগৃহৰ পৰা । ভুৱা ব্যৱসায়িক প্রতিষ্ঠানৰ নথি প্রস্তুত কৰাৰ প্ৰমাণ লাভ কৰিছে তদন্তকাৰী দলোটৱে । বৃহস্পতিবাৰে এক প্ৰেছ বাৰ্তা যোগে ইডিয়ে সদৰী কৰে অভিযানৰ কথা ।

ইডি অভিযান