জেনছলত ইডিৰ অভিযান, সহ-প্ৰমোটাৰ পুনীত জাগীক আটক

বৃহস্পতিবাৰে ইডিয়ে জেনছল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধে চলায় তালাচী। এই তালাচীৰ পাছতে সহ-প্ৰমোটাৰ পুনীত সিং জাগীক দিল্লীৰ এখন হোটেলৰ পৰা আটক কৰে ইডিয়ে।

author-image
Asomiya Pratidin
New Update
 পুনীত সিং জাগীক দিল্লীৰ এখন হোটেলৰ পৰা আটক

পুনীত সিং জাগীক দিল্লীৰ এখন হোটেলৰ পৰা আটক

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে ইডিয়ে জেনছল ইঞ্জিনিয়াৰিং লিমিটেডৰ বিৰুদ্ধে চলায় তালাচী। এই তালাচীৰ পাছতে সহ-প্ৰমোটাৰ পুনীত সিং জাগীক দিল্লীৰ এখন হোটেলৰ পৰা আটক কৰে ইডিয়ে। বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা)ৰ বিধান অনুসৰি দিল্লী, গুৰুগ্ৰাম আৰু আহমেদাবাদৰ কোম্পানীৰ চৌহদত ইডিয়ে অভিযান চলাইছিল। কোম্পানীটোৰ প্ৰমোটাৰ ভাতৃদ্বয় -- আনমোল সিং জাগী আৰু পুনীত সিং জাগীৰ বিৰুদ্ধে বিত্তীয় লেনদেনৰ অভিযোগত ছেবিয়ে প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছতে ইডিয়ে চলাইছিল অভিযান।

Advertisment

সূত্ৰ অনুসৰি, পুনীত জাগীক ইডিয়ে দিল্লীৰ এখন হোটেলৰ পৰা আটক কৰাৰ বিপৰীতে আনমোল জাগী ডুবাইত থকা বুলি কোৱা হৈছে। ইভি আৰু ইপিচি চুক্তি ক্ৰয়ৰ বাবে জেনছল ইঞ্জিনিয়াৰিঙে পাৱাৰ ফাইনেন্স কৰ্প’ৰেশ্যন আৰু আইআৰডিইএ লিমিটেডৰ পৰা ঋণ লাভ কৰা বুলি দাবী কৰা ছেবিৰ আদেশৰ ভিত্তিত ইডিয়ে এই ব্যৱস্থা লৈছে। চৰকাৰী আইৰেডা আৰু পিএফচিৰ পৰা জেনছলে লাভ কৰা টাৰ্ম লোনৰ অপব্যৱহাৰৰ অভিযোগত অভিযুক্ত ভাতৃদ্বয়।

উল্লেখযোগ্য যে, যোৱা সপ্তাহত ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াই (ছেবি) জেনছলৰ প্ৰমোটাৰ-ভাতৃদ্বয় আনমোল আৰু পুনীত জাগীক ষ্টক মাৰ্কেটত প্ৰৱেশ কৰাত বাধা দিছিল আৰু তেওঁলোকৰ তালিকাভুক্ত নবীকৰণযোগ্য শক্তি প্ৰতিষ্ঠানটোৰ ফৰেনছিক তদন্তৰ নিৰ্দেশ দিছিল।

ইডি