/asomiyapratidin/media/media_files/2025/01/15/OOf6O6LJm2wk7RuKSe7n.jpg)
লৰেন্স বিষ্ণই Photograph: ( লৰেন্স বিষ্ণই )
ডিজিটেল ডেস্কঃ সৰিয়হৰ ডুলিতে ভূত! গেংষ্টাৰ লৰেন্স বিষ্ণই গেঙৰ ধনদাবীৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ই ডিৰ এগৰাকী উচ্চ পদস্থ বিষয়া। চিমলা ইডিৰ সহকাৰী সঞ্চালকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈও গেংষ্টাৰৰ সৈতে মিলি বিগত দিনবোৰত ভিন্নজনক ধনদাবী কৰি আহিছিল এই বিষয়াগৰাকীয়ে।
শেহতীয়াকৈ চি বি আয়ে গ্ৰেপ্তাৰ কৰা এই বিষয়াগৰাকীৰ নাম হৈছে- বিশালদ্বীপ। বৰ্তমান চি বি আইৰ জিম্মাত থকা বিশালদ্বীপক সোধপোছ অব্যাহত ৰখা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অতি শেহতীয়াকৈ এগৰাকী ব্যৱসায়ীৰ পৰা ৫০লাখ টকা দাবী কৰাৰ সময়তে ধৰা পৰে এই বিষয়াগৰাকী। সোধপোছত পোহৰলৈ আহিছে যে, দীৰ্ঘদিন ধৰি লৰেন্স বিষ্ণই গেঙৰ সৈতে জড়িত আছিল বিষয়াগৰাকী।
চিমলাৰ পঞ্চকুলাত বাস কৰা বিশালদ্বীপক যোৱা শুকুৰবাৰেই গ্ৰেপ্তাৰ কৰে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ৰেখা শৰ্মাই জেৰাৰ বাবে চাৰিদিনৰ জিম্মাত প্ৰদান কৰে বিশালদ্বীপক। বিষ্ণুইৰ সৈতে সম্পৰ্ক থকাৰ লগতে ভিন্ন ভিতৰুৱা খবৰ আগতীয়াকৈ দিছিল এই বিষয়াগৰাকীয়ে। বিষয়াগৰাকী ফোনত এই তথ্য লাভ কৰিছে চি বি আয়ে।