অসহায় পাকিস্তান! ক’লে ”আমাক প্ৰয়োজন আছে ভাৰতৰ”…

অসহায় পাকিস্তান! ক’লে ”আমাক প্ৰয়োজন আছে ভাৰতৰ”…

author-image
asomiyapratidin
New Update
অসহায় পাকিস্তান! ক’লে ”আমাক প্ৰয়োজন আছে ভাৰতৰ”…

 ডিজিটেল ডেস্ক: ভাৰতৰ লগত বাণিজ্যিক সম্পৰ্ক আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চলাইছে ইমৰাখ খানৰ চৰকাৰে। দিনক দিনে পাকিস্তানত বৃদ্ধি পাইছে আৰ্থিক সংকট।এই সময়তে পাকিস্তানে পুনৰ ভাৰতৰ লগত বেপাৰ-বাণিজ্য আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চলাইছে।

Advertisment

উল্লেখ্য যে, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত ব্যৱসায় বন্ধ হৈ আছিল। কিন্তু এতিয়া পুনৰ বানিজ্য আৰম্ভ কৰাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ উপদেষ্টা আব্দুল ৰজাক দাউদে ওকালতি কৰিছে। আব্দুল ৰজাকে কৈছে যে "বৰ্তমান সময়ত ভাৰতৰ সৈতে বানিজ্য কৰাৰ অত্যন্ত প্ৰয়োজন"।

তেওঁ কয় যে "আমি ভাৰতৰ লগত ব্যৱসায় কৰিব বিচাৰো।কিয়নো এয়া প্ৰয়োজন।ভাৰতৰ সৈতে বানিজ্য কৰাটো সকলোৰে বাবে লাভজনক। বিশেষকৈ পাকিস্তানৰ বাবে। সেয়ে মই ইয়াৰ সমৰ্থন কৰো"। দাউড হৈছে বস্ত্ৰ, উদ্যোগ, উৎপাদন আৰু বিনিয়োগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ উপদেষ্টা।

দাউদৰ এই মন্তব্যৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ দ্বি-পাক্ষিক সম্পৰ্কত শুধৰণি হ'ব বু্লি আশা কৰা হৈছে। অৱশ্যে ভাৰতে এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া কৰে সেয়া হ'ব লক্ষণীয়।

pakistan india imran khan Economic Crisis