/asomiyapratidin/media/media_files/2025/06/23/cfsadsdsa-2025-06-23-20-56-34.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে দেশৰ চাৰি ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। এই নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে এখন আসন, আপে ২খল আসন, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে এখনকৈ আসন লাভ কৰিবলৈ সক্ষম হয়।
ইয়াৰে গুজৰাট বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপি আৰু আপে এখনকৈ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে কেৰালাৰ নীলাম্বুৰ সমষ্টিত জয়লাভ কৰিছে। ভিছাৱদাৰৰ আসনত আপৰ গোপাল ইটালিয়াই জয়লাভ কৰাৰ লগতে কাপিত বিজেপিৰ ৰাজেন্দ্ৰ চাৱদাই জয় নিশ্চিত কৰিছে। লুধিয়ানা পশ্চিমৰ উপ-নিৰ্বাচনতো অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ দলে জয়লাভ কৰিছে।
উল্লেখযোগ্য যে, গুজৰাট, পশ্চিমবংগ আৰু পঞ্জাৱৰ এখনকৈ আসনত বৰ্তমানৰ বিধায়কসকলৰ মৃত্যুৰ লগতে কেৰালা আৰু গুজৰাটৰ দুজন বিধায়কৰ পদত্যাগৰ পিছতেই এই উপ-নিৰ্বাচনৰ অনুষ্ঠিত হৈছিল।