/asomiyapratidin/media/media_files/2025/06/26/ec-26-2025-06-26-21-01-54.jpg)
ডিজিটেল ডেস্কঃ দেশৰ মুঠ ৩৪৫ টা ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে দেশৰ নিৰ্বাচন আয়োগে। বৃহস্পতিবাৰে আয়োগে প্ৰকাশ কৰা অনুসৰি পঞ্জীয়নকৃত ৩৪৫ টা ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই ৰাজনৈতিকদসমূহে ২০১৯ চনৰ পৰা যোৱা ছয় বছৰত এটাও নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই আৰু ইয়াৰ কাৰ্যালয়সমূহৰ কোনো ভৌতিক অস্তিত্ব নাই।
নিৰ্বাচন আয়োগৰ মতে, বৰ্তমান পঞ্জীয়নভুক্ত ২,৮০০ৰো অধিক RUPPৰ ভিতৰত বহুতো দলে পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নূন্যতম চৰ্ত পূৰণ কৰাত ব্যৰ্থ হৈছে। এই ৩৪৫টা দল দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
এই পদক্ষেপৰ জৰিয়তে নিৰ্বাচন আয়োগে ৰাজনৈতিক ব্যৱস্থাটোক পৰিষ্কাৰ কৰাৰ লক্ষ্য কৰি লৈছে। আয়োগৰ মতে, এই দলসমূহে কেৱল কাগজতে নিজৰ অস্তিত্ব জীয়াই ৰাখি কৰ ৰেহাইৰ দৰে সুবিধা গ্ৰহণ কৰি আহিছে। কিন্তু নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত আছে আৰু তেওঁলোকৰ তেনে কোনো ৰাজনৈতিক সক্ৰিয়তাৰ কোনো প্ৰমাণ নাই।
নিৰ্বাচন আয়োগে নিৰপেক্ষতা বজাই ৰাখিবলৈ সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক (CEOs) নিৰ্দেশ দিছে যাতে এই দলসমূহক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়। অৱশ্যে এই দলসমূহক শুনানিৰ সুযোগ প্ৰদান কৰা হ’ব। তাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
এই প্ৰক্ৰিয়াৰ বাবে প্ৰথম পৰ্যায়ত ৩৪৫টা দল চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়তো এই প্ৰক্ৰিয়া অব্যাহত থাকিব।