/asomiyapratidin/media/media_files/2025/04/13/4C9xTuyLgnpq5TPz5gu7.jpg)
ডিজিটেল ডেস্কঃ এটাৰ পাছত এটা ভূমিকম্পই কপাঁই তুলিছে ধৰণী। প্ৰায় ৬.৪প্ৰাৱল্যৰ ভূমিকম্পই এইবাৰ কপাঁই গ'ল তাজাকিস্তানক। দেওবাৰে পুৱাৰ ভাগতে আহিল এই ভূমিকম্প। অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ প্ৰাণহানি হোৱা নাই।
উল্লেখ কৰা প্ৰয়োজন যে, তাজাকিস্তানক যোৱা শনিবাৰৰে পৰা কেইবাটাও সৰু সৰু ভূমিকম্পই জোকাঁৰি আছে। ইয়াৰ পূৰ্বে যোৱা শনিবাৰে পাকিস্তানক প্ৰায় ৫.৯প্ৰাৱল্যৰ ভূমিকম্পই জোকাঁৰি গৈছিল। দেওবাৰে পুৱাৰ ভাগত তাজাকিস্তানত হোৱা ভূমিকম্পই বিশেষ কোনো ক্ষয় ক্ষতি কৰাৰ খবৰ অহা নাই।