/asomiyapratidin/media/media_files/2025/05/22/kWCyoPPussLbwdwzmQ5N.jpg)
ডিজিটেল ডেস্কঃ অগা-পিছাকৈ দুটাকৈ ভূমিকম্পই জোকাৰি যায় গ্ৰীচক। যোৱা বৃহস্পতিবাৰে মাজ নিশাও ৬.১ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় দেশখনক। নিশা প্ৰায় ১.৫১বজাত অহা এই ভূমিকম্পত অৱশ্যে বিশেষ কোনো ক্ষয়-ক্ষতি হোৱা নাই বুলি স্থানীয় সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৪মেতো প্ৰচণ্ড ভূমিকম্পই জোকাৰি গৈছিল গ্ৰীচক। সেই ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৬.৩। ইফালে বৃহস্পতিবাৰে নিশা অহা ভূমিকম্পৰ পাছতে দেশখনত চুনামি অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। যাৰ বাবে সকলো লোককে সাৱধান হৈ থকাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us