/asomiyapratidin/media/media_files/2025/03/03/Xsnfklkzjq94dmBxFsaR.jpg)
ডিজিটেল ডেস্কঃ চলি আছিল অস্কাৰৰ বটাঁ বিতৰণী অনুষ্ঠান। হলীউদৰ সকলো তাৰকা আছিল ৰেড কাৰ্পেটত। এনে সময়তে কপিঁ উঠিল আমেৰিকা। ভূমিকম্পৰ কপঁনিৰ পিছতে সৃষ্টি হৈছিল হাহাঁকাৰ এক পৰিস্থিতিৰ। শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি, এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৩.৯।
আমেৰিকা প্ৰশাসনে সদৰি কৰা অনুসৰি, অস্কাৰৰ এই অনুষ্ঠান চলি থকা কিছু দূৰতে আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ।আমেৰিকাৰ স্থানীয় সময় অনুসৰি, নিশা ১০বজাত হৈছিল এই ভূমিকম্পৰ কম্পন। ৰেড কাৰ্পেটত হলীউদৰ তাৰকাসকলে ফটোৰ বাবে পজ দি থকাৰ সময়তে অহা এই ভূমিকম্পৰ ফলত কিছুসময়ৰ বাবে এক আতংকময়.পৰিস্থিতিৰ সৃষ্টি হয়।
অৱশ্যে এই ভূমিকম্পত ক্ষয়ক্ষতিৰ লগতে কোনো লোক হতাহত হোৱা নাই।