ভূমিকম্প! আকৌ কপিঁল অসম, প্ৰাৱল্য কিমান?

বুধবাৰে পুৱা ১১.০৬বজাত পুনৰ অসমৰ লগতে উত্তৰ-পূৰ্বক জোকাঁৰি যায় ভূমিকম্পই। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৬বুলি জানিব পৰা গৈছে। ভাৰত আৰু ম্যানমাৰত এই ভূমিকম্পৰ

author-image
Asomiya Pratidin
New Update
iuiu

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা ১১.০৬বজাত পুনৰ অসমৰ লগতে উত্তৰ-পূৰ্বক জোকাঁৰি যায় ভূমিকম্পই। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৬বুলি জানিব পৰা গৈছে। ভাৰত আৰু ম্যানমাৰত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ পৰা ৪৩কিলোমিটাৰ নিলগৰ চাংদাঙত বুলি সদৰি কৰা হৈছে।

এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ম্যানমাৰতো এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে অসম জোকাঁৰি গৈছিল ৫.২প্ৰাৱল্যৰ এটা ভূমিকম্পই। পুৱতি নিশা অহা এই ভূমিকম্পই ৩০চেকেণ্ডৰো অধিক কাল কপাঁই ৰাখিছিল ধৰণী। 

ভূমিকম্প