/asomiyapratidin/media/media_files/2025/09/14/whatsapp-image-20-2025-09-14-17-19-08.jpeg)
ডিজিটেল ডেস্কঃ দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ৰাজ্যত ভূঁইকপৰ প্রৱল জোকাৰণি অনুভূত হয়। এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৫.৯ ৰিখটাৰ স্কেল।
প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ নিলগত বুলি অনুমান কৰা হৈছে। ভাৰতৰ লগতে চীন, ম্যানমাৰ, ভূটান, নেপাল, বাংলাদেশতো ভূমিকম্পৰ জোকাৰণি অনুভত হোৱা বুলি জানিব পৰা হৈছে।
ভূঁইকপৰ প্রৱল জোকাৰণিৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ষয়-ক্ষতি হোৱাৰো অনুমান কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।