/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4833e3b8-ea95-4b6d-ba38-6895f2db987d/NEPAL_09.jpg)
নেপাল
ডিজিটেল ডেস্কঃ নেপালত পুনৰ আহিল এক বৃহৎ ভূমিকম্প। এই ভূমিকম্পত এই পৰ্যন্ত ৬ গৰাকী লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পোৱা গৈছে। খবৰ অনুসৰি পুৱতি নিশা নেপালত অহা ভূমিকম্পৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬ গৰাকী।
নেপালৰ এগৰাকী শীৰ্ষ বিষয়াৰ মন্তব্য অনুসৰি এই ভূমিকম্পত ৫ জন লোক আহত হৈছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভূমিকম্পৰ পিছত হোৱা ভূমিস্খলনত বহু ঘৰি খহি পৰিছে।
নিহত ৬ গৰাকী লোকৰ ভিতৰত আছে এগৰাকী মহিলা আৰু দুটা শিশু। অৱশ্যে, মৃতসকলক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। ভূমিকম্পপীড়িত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নেপালী সেনা মোতায়েন কৰা হৈছে।
ইফালে বুধবাৰে পুৱতি নিশা দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, ৬.৩ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল।
ৰাজধানী অঞ্চলত, পুৱতি নিশা প্ৰায় ১.৫৭ বজাত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰিছিল যাৰ বাবে জনতা ৰাজপথলৈ ওলাই আহিছিল। ভূকম্পন কেন্দ্ৰৰ মতে, ইয়াৰ কেন্দ্ৰস্থল উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ পৰা ৯০ কিলোমিটাৰ দক্ষিণ-পূবত নেপালৰ সীমাৰ ওচৰত আছিল। দিল্লীৰ উপৰিও উত্তৰাখণ্ড, হিমাচল আৰু উত্তৰ প্ৰদেশ আদি অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰিছিল।