/asomiyapratidin/media/media_files/2025/05/25/TOzZ2YesMluthfHBgmOB.jpg)
ডিজিটেল ডেস্কঃ পৃথিৱী ধ্বংস হোৱাৰ কথা মাজে সময়ে চৰ্চালৈ আহে। পুনৰ এবাৰ পৃথিৱীৰ প্ৰতি অহা বিপদৰ সন্দৰ্ভত আগতীয়াকৈ কিছু তথ্য প্ৰকাশ কৰিছে নাছাই। নাছাৰ এই তথ্যৰ পৰা সহজে বুজিব পাৰি যে, যোৱা ২৩মেৰ পৰা ২৫মেৰ ভিতৰত পৃথিৱী এক ডাঙৰ বিপদৰ সন্মুখীন হব পাৰে।
কিয়নো নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ মতে, ২০২৫ চনৰ ২৩ মে’ৰ পৰা ২৫ মে’ৰ ভিতৰত পৃথিৱীৰ কাষেৰে চাৰিটা গ্ৰহাণু উৰি যাব। যদিও এই মহাকাশ শিলবোৰ সঘনাই পৃথিৱীৰ কাষেৰে পাৰ হৈ যায়, তথাপিও বেছিভাগেই মংগল আৰু বৃহস্পতিৰ মাজৰ গ্ৰহাণু বেল্টত বাস কৰে । গৰিষ্ঠসংখ্যক গ্ৰহাণু নিৰাপদ হ’লেও বৃহৎ গ্ৰহাণুৰ সৈতে সংঘৰ্ষ হ’লে যথেষ্ট ধ্বংস হ’ব পাৰে পৃথিৱীৰ।
উল্লেখ কৰা প্ৰয়োজন যে, পৃথিৱীৰ কাষেৰে যাব লগা এই গ্ৰহাণু কেইটাৰ আটাইতকৈ ডাঙৰ গ্ৰহাণুটো হৈছে ৩৮৭৭৪৬ (2003 MH4) গ্ৰহাণু, যাৰ জোখ প্ৰায় ১১০০ ফুট,যিটো মোটামুটিভাৱে ষ্টেডিয়ামৰ সমান ৷ নাছাৰ বাতৰি অনুসৰি গাড়ীৰ আকাৰৰ উল্কাপিণ্ডবোৰে বছৰত প্ৰায় এবাৰ পৃথিৱীত আঘাত কৰে । ইফালে ফুটবল খেলপথাৰৰ আকাৰৰ গ্ৰহাণুবোৰ প্ৰায় ২০০০বছৰৰ মূৰে মূৰে এবাৰ পাৰ হৈ যায় ।
যদিহে আজিৰ ৰাতিৰ ভিতৰতে এই আটাইকেইটা গ্ৰহাণু সুকলমে পাৰ হৈ যায়, তেন্তে পৃথিৱী এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিব। আৰু যদিহে ভৱামতে নহয়, তেন্তে পৃথিৱী ধ্বংস হবলৈ হয়তো বেছি পৰ নালাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us