/asomiyapratidin/media/media_files/2025/06/27/new-ap-web-4-1-2025-06-27-17-33-38.jpg)
ডজিটেল ডেস্কঃ বেলট অথবা ই ভি এম নহয়, এইবাৰ ভাৰতত আৰম্ভ হ’বলৈ আগবাঢ়িছে মোবাইলেৰে ভোট দিব পৰা এক ব্যৱস্থা। চলিত বছৰতে দেশত আৰম্ভ হ’ব মোবাইলৰ জৰিয়তে ই- ভোটিং ব্যৱস্থা।
পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে এই ই-ভোটিং ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে বিহাৰে। ইয়াৰ লগে লগে ই-ভোটিং কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে এই ৰাজ্যখন।
অহা ২৮ জুনত অনুষ্ঠিত হ’ব বিহাৰৰ পৌৰসভাৰ সাধাৰণ আৰু উপ-নিৰ্বাচন। এই নিৰ্বাচনত মোবাইলৰ জৰিয়তে ই-ভোট দিবলৈ নাম পঞ্জীয়ন কৰিছে ৫১,১৫৫ গৰাকী ভোটাৰে। ইয়াৰ ভিতৰত ২৬,০৩৮ গৰাকী পুৰুষ আৰু ২৫,১১৭ গৰাকী মহিলা ভোটাৰ।
পাটনা, পূৱ চম্পাৰণ, ৰোহতাছ, গয়া, বাক্সাৰ, বাংকা, ছাৰণ আৰু ছিৱান পৌৰসভাত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত ই-ভোটিঙৰ বাবে সৰ্বাধিক ভোটাৰৰ নাম পঞ্জীয়ন হৈছে বাক্সাৰত।বিহাৰৰ ৰাজ্যিক নিৰ্বাচন আয়োগে জনোৱা মতে তেওঁলোকে প্ৰথমবাৰৰ বাবে ই-ভোটিং ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সম্পূৰ্ণৰূপে সাজু।
ই-ভোটিং কি? বিহাৰত কিদৰে কাৰ্যকৰী হ’ব এই ব্যৱস্থা?
অতি সহজ ভাষাত এগৰাকী ভোটাৰে ভোট কেন্দ্ৰলৈ গৈ ভোট দিয়াৰ পৰিবৰ্তে যিকোনো স্থানৰ পৰা মোবাইলৰ জৰিয়তে দিয়া ভোটকে ই-ভোটিং বুলি কোৱা হয়।
বিহাৰৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত দীপক প্ৰসাদে সংবাদ সংস্থা বিবিচি(হিন্দী)ৰ আগত প্ৰকাশ কৰা মতে, "বিহাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ই-ভোটিং ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব।বিশ্বৰ মাত্ৰ কেইখনমান দেশতহে এই ব্যৱস্থা কাৰ্যকৰী হৈ আছে। তেনে এখন দেশ হৈছে ইষ্টোনিয়া।
তেওঁ কয়, আমি ১০ জুনৰ পৰা ২২ জুনলৈকে এক বিশেষ অভিযান চলাইছিলো। ৰিটাৰ্নিং অফিচাৰৰ দলে মানুহক ই-ভোটিঙৰ বিষয়ে সজাগ কৰি তুলিছে। প্ৰচাৰৰ বাবে হেল্প ডেস্ক, ৰেলী আৰু পোষ্টাৰৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলাফলো অতি উৎসাহজনক।"
ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে জনোৱা মতে এই নিৰ্বাচনসমূহত মুখ্য কাউন্সিলাৰ, উপ মুখ্য কাউন্সিলাৰ আৰু ৱাৰ্ড কাউন্সিলাৰ পদৰ বাবে মুঠ ৫৭০ জন প্ৰাৰ্থীয়ে যুঁজত নামিছে। ই-ভোটিঙৰ সুবিধা অৱশ্যে সকলোৱে লাভ নকৰে।
তেওঁ জনোৱা মতে ই-ভোটিঙৰ সুবিধা সেইসকল ভোটাৰেহে লাভ কৰিব যিসকল জ্যেষ্ঠ, শাৰীৰিকভাৱে অক্ষম, গুৰুতৰ ৰোগত আক্ৰান্ত, গৰ্ভৱতী মহিলা আৰু প্ৰবজিত শ্ৰমিক। নিৰ্বাচনৰ দিনা পৰম্পৰাগত ভোটদান প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিব যদিও ই-ভোটিং কেৱল পুৱা ৭ বজাৰ পৰা দিনৰ ১ বজালৈহে সম্ভৱ হ’ব।
ই-ভোটিঙৰ বাবে পঞ্জীয়ন কৰা ভোটাৰসকলে মোবাইলত এটা এপ ডাউনলোড কৰিব লাগিব। পৌৰসভাৰ সাধাৰণ নিৰ্বাচন ২০২৫ৰ বাবে SECBHR app আৰু উপ-নিৰ্বাচনৰ বাবে SECBIHAR app ব্যৱহাৰ কৰা হ’ব।
এই এপসমূহে কেৱল পঞ্জীয়নভুক্ত মোবাইল নম্বৰতহে কাম কৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ জৰিয়তেও এটা বিকল্প উপলব্ধ, কিন্তু সেইটোও কেৱল পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা সক্ৰিয় হ’ব।
নিৰ্বাচন আয়ুক্ত দীপক প্ৰসাদে কয়, "ভোটদানৰ ক্ষেত্ৰত কোনো ধৰণৰ অসৎ ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ কেৱল পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা ভোটদানহে বৈধ বুলি গণ্য কৰা হ'ব। সৰ্বাধিক দুজন লোকে যেনে স্বামী-স্ত্ৰীয়েহে এটা নম্বৰৰ পৰা ভোটদান কৰিব পাৰিব।
ছিৱান, পূব চম্পাৰণত সৰ্বাধিক ভোটাৰে নাম পঞ্জীয়ন কৰাৰ লগতে ডুবাই, কাটাৰৰ দৰে দেশত বসবাস কৰা প্ৰব্ৰজিত শ্ৰমিকসকলেও নাম পঞ্জীয়ন কৰিছে।" ভোটদানৰ সময়ত যদি কোনো ভোটাৰক সহায়ৰ প্ৰয়োজন হয় তেন্তে ৱেবছাইটত হেল্পলাইনৰো সুবিধা আছে।