/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a1be724f-a742-48cc-949b-53b48aa64efb/WhatsApp_Image_2022_09_28_at_07_43_28.jpeg)
DHUBRI
ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলা আদালত চৌহদত আজি এটা ই-সেৱা কেন্দ্ৰ মুকলি কৰা হয়৷ সৰ্বসাধাৰণ ৰাইজ আৰু অধিবক্তাসকলৰ সহায় হোৱাকৈ উচ্চতম ন্যায়ালয়ৰ ই-কমিটিৰ পৰামৰ্শ অনুসৰি স্থাপন কৰা ডিজিটেল কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলা আৰু সত্ৰ ন্যয়াধীশ পি চি কলিতাই৷
এই উপলক্ষে আয়োজিত এখন সভাত ধুবুৰী জিলা আৰু সত্ৰ ন্যয়াধীশ পি চি কলিতাই কয় যে, ই-সেৱা কেন্দ্ৰ স্থাপন কৰাতো ধুবুৰীবাসীৰ বাবে অতি আনন্দৰ কথা৷ ইয়াৰ জৰিয়তে গোচৰীয়া আৰু অধিবক্তাসকলে অতি সহজে গোচৰৰ বৰ্তমান স্থিতি, মোকৰ্দমাৰ পৰৱৰ্তী তাৰিখ আদি বিভিন্ন বিষয় সন্দৰ্ভত অৱগত হ'ব পাৰিব৷
পৰ্যায়ক্ৰমে এই কেন্দ্ৰৰ জৰিয়তে গোচৰ সংক্ৰান্তীয় প্ৰমাণীকৃত নথি উপলব্ধ কৰা হ'ব৷ বিনামূলীয়া আইন সাহাৰ্য সেৱা লাভ কৰাৰ প্ৰক্ৰিয়াৰ বিষয়েও ৰাইজে এই কেন্দ্ৰত জানিব পাৰিব৷
তেওঁ কয় যে, আদালত চৌহদৰ গেটৰ কাষতে স্থাপন কৰা কেন্দ্ৰটোৱে আদালতলৈ অহা ৰাইজৰ সমস্যাৰ বহুখিনি সমাধান কৰিব৷ সভাত ধুবুৰী পাৰিবাৰিক আদালতৰ প্ৰধান ন্যায়াধীশ বিজয়ালক্ষ্মী, প'ছকো আদালতৰ প্ৰধান ন্যায়াধীশ পলি কটকী আৰু ধুবুৰী উকীল সন্থাৰ সভাপতি এন আই চৌধুৰীয়েও ভাষণ প্ৰদান কৰি ই-সেৱা কেন্দ্ৰৰ প্ৰয়োজনীয়তা আৰু সুবিধাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে৷
সভাত কেবাগৰাকী ন্যায়িক বিষয়া, কেবাগৰাকী অধিবক্তা আৰু আদালতৰ কৰ্মাচাৰীসকল উপস্থিত থাকে৷