/asomiyapratidin/media/media_files/2025/07/16/cxcxcxxcxcxcxcc-2025-07-16-16-16-54.jpg)
ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটাৰোডৰ দক্ষিণ পশ্চিম অঞ্চলত শতাধিক ই-ৰিক্সা চালকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বৰপেটাৰোডৰ দক্ষিণ পশ্চিম গ্ৰাম্যাঞ্চলৰ ই-ৰিক্সা চালক সকলক বৰপেটাৰোড পৌৰসভাই প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদীসকলে। লগতে ই-ৰিক্সা চালকসকলৰ দাবী পৌৰসভাই মানি নললে ইয়াতকৈ ভয়াবহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে।
ইফালে, গ্ৰাম্যাঞ্চলৰ ই-ৰিক্সা চালকসকলক বৰপেটাৰোডত চলাচলৰ সুবিধাৰ্থে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বৰপেটাৰোড পৌৰসভাৰ সভাপতিক ৰাইজে দাবী জনায়।