/asomiyapratidin/media/media_files/2025/09/05/gfgfgfg-2025-09-05-16-23-41.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলাৰ নিজ বাঘমাৰীত ৭ ছেপ্টেম্বৰত আৰম্ভ হ’ব লগা বৃহৎ উচ্ছেদ অভিযান স্থগিত কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰায় ৫০ জনতকৈ অধিক স্থানীয় ৰাইজে দাখিল কৰা ৰীট আবেদনৰ পৰিপ্ৰেক্ষিততেই এই অভিযান থমকি ৰয়।
৬ ছেপ্টেম্বৰৰ শুনানিত ৰাজ্য চৰকাৰে শপতনামা দাখিলৰ বাবে সময় বিচাৰাত আদালতে অহা ৮ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। সেয়ে শুনানি সম্পূৰ্ণ নোহোৱালৈ উচ্ছেদ অভিযান স্থগিত কৰিলে ন্যায়ালয়ে। আদালতত ৰাজ্য চৰকাৰৰ হৈ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে স্থানীয় ৰাইজৰ পক্ষত জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছীদ চৌধুৰীয়ে শুনানিত অংশ লয়।
উল্লেখযোগ্য যে, নিজ বাঘমাৰীৰ প্ৰায় ১৮৯ আৰু ২০৩ নং দাগত থকা প্ৰায় ২৬৫ বিঘা গো চৰনীয়া পথাৰ বেদখল মুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে জাননী জাৰি কৰিছিল। ফলত, প্ৰায় ৫ শতাধিক পৰিয়ালক উচ্ছেদৰ নোটিছ প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে, উচ্ছেদ অভিযানৰ পূৰ্বে অঞ্চলটোত ৰঙা পতাকা পুতি সীমা নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰিছিল। য’ত অংশ লৈছিল বিশ্বনাথ চাৰিআলি ৰাজহ চক্ৰৰ কৰ্মচাৰী, বিহালী সম জিলা আৰক্ষী অধীক্ষক, আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে।