Advertisment

২০৪৬চনৰ প্ৰেমৰ দিনটোতে ধ্বংস হ'ব পাৰে পৃথিৱী!

২০২৪ত পৃথিৱী ধ্বংস হোৱাৰ কথা আছিল, কিন্তু নহ’ল। পৃথিৱীবাসীয়ে স্বস্তিৰ নিশ্বাস পেলোৱাৰ সময়তে আকৌ আহিল বুকু কপাঁই যোৱা এটা খবৰ। ২০৪৬চনৰ ভেলেন্টাইন ডেৰ দিনা অৰ্থাত

author-image
Asomiya Pratidin
New Update
 পৃথিৱী

পৃথিৱী Photograph: ( পৃথিৱী )

ডিজিটেল ডেস্কঃ ২০২৪ত পৃথিৱী ধ্বংস হোৱাৰ কথা আছিল, কিন্তু নহ’ল। পৃথিৱীবাসীয়ে স্বস্তিৰ নিশ্বাস পেলোৱাৰ সময়তে আকৌ আহিল বুকু কপাঁই যোৱা এটা খবৰ। ২০৪৬চনৰ ভেলেন্টাইন ডেৰ দিনা অৰ্থাত ১৪ফেব্ৰুৱাৰীৰ দিনটোত ধ্বংস হব পাৰে পৃথিৱী। নাছাই শেহতীয়াকৈ কৰিছে এই ভৱিষ্যতদ্বাণী।

Advertisment

নাছাৰ গ্ৰহ প্ৰতিৰক্ষা সমন্বয় কাৰ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, ২০৪৬ চনৰ ভিতৰত পৃথিৱীৰ পৰা প্ৰায় ১১ লাখ মাইল দূৰত্বত ডি ডব্লিউ নামৰ এটা নতুন গ্ৰহাণু পাৰ হৈ যাব। এই ১১মাইল লাখ শুনিবলৈহে, মহাজাগতিকভাৱে ক’বলৈ গ’লে এই দূৰত্ব যথেষ্ট কম

১৬২ ফুট বহল এই গ্ৰহটোৱে পৃথিৱীত খুন্দা খাব পাৰে। আৰু পৃথিৱীত খুন্দা খালেই ধ্বংস হব পাৰে পৃথিৱী।  ইতিমধ্যে নাছাই এই গ্ৰহাণুটোৰ সন্ধান আৰম্ভ কৰিছে। কিন্তু নতুন মহাজাগতিক বস্তু এটা আৱিষ্কাৰ হোৱাৰ পিছত সকলো তথ্য লাভ কৰিবলৈ কিছু সময় লাগে। 

ফলত নাছাই এই গ্ৰহাণুটোৰ ট্ৰেজেক্টৰীৰ বিষয়ে বৰ্তমান নিশ্চিতভাৱে ক’ব পৰা নাই।কোনো গ্ৰহাণু পৃথিৱীৰ লগত সংঘৰ্ষ হ’ব পাৰে নে নোৱাৰে সেইটো টৰিনো স্কেল ব্যৱহাৰ কৰি জুখিব পাৰি। এই টৰিনো স্কেলত বৰ্তমান ডি ডব্লিউ গ্ৰহাণুটোৰ ৰেটিং দহৰ ভিতৰত এটা। অৰ্থাৎ নাছাৰ বিজ্ঞানীসকলে বৰ্তমান বিশ্বাস কৰে যে পৃথিৱীৰ সৈতে সংঘৰ্ষৰ সম্ভাৱনা অতি কম

ভাৰত