আজি মহাষ্টমীঃ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ...

সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সকলোলৈ মহাষ্টমী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে। মা দুৰ্গাৰ ঐশ্বৰিক আশীৰ্বাদে অদম্য শক্তি, স্থায়ী আনন্দ আৰু  সুস্বাস্থ্য কঢ়িয়াই আনক বুলি উল্লেখ কৰে শ্ৰী মোডীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ অষ্টম দিন। মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি, কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ প্ৰাপ্ত কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী পৰে।

শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ সাধনৰ বৃদ্ধি হয়। দেৱী মহাগৌৰীৰ ৰূপ বহুত শান্ত আৰু সৌম্য হয়। তেওঁৰ পূজা কৰিলে মনত পবিত্ৰতা অব্যাহত থকাৰ লগতে ভক্তসকলৰ সকলো মনোকামনা পূৰ্ণ হয়।

মহাষ্টমীৰ পবিত্ৰ ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সমগ্ৰ দেশবাসীক দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, দুৰ্গা পূজা সংস্কৃতি, আধ্যাত্মিকতা আৰু ন্যায়ৰ প্ৰতীক। গতিকে সকলোকে নাৰীৰ সন্মান অক্ষুণ্ণ ৰখাৰ বাবে প্ৰয়োজনীয় প্ৰয়াসৰ আহ্বান জনায় শ্ৰীমতী মুৰ্মুৱে।

সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সকলোলৈ মহাষ্টমী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে। মা দুৰ্গাৰ ঐশ্বৰিক আশীৰ্বাদে অদম্য শক্তি, স্থায়ী আনন্দ আৰু  সুস্বাস্থ্য কঢ়িয়াই আনক বুলি উল্লেখ কৰে শ্ৰী মোডীয়ে।

এক্সৰ এটা পোষ্টত শ্ৰী মোডীয়ে কয়- "আপোনালোক সকলোকে নৱৰাত্ৰীৰ মহাষ্টমী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছো! দুৰ্গা পূজাৰ পবিত্ৰ দিন ওচৰ চাপি অহাৰ লগে লগে আমাৰ জীৱন পোহৰ আৰু উদ্দেশ্যেৰে পৰিপূৰ্ণ হওক। মা দুৰ্গাৰ ঐশ্বৰিক আশীৰ্বাদে অদম্য শক্তি, স্থায়ী আনন্দ আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।"

দুৰ্গা পূজা