ফটো উঠাৰ চখ ! ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ সুনীল ছেত্ৰীক অপমান বংগৰ ৰাজ্যপালৰ...

বংগৰ অস্থায়ী ৰাজ্যপাল লা গণেশনৰ কাৰ্যত ক্ৰীড়া জগতত ধুমুহা...

author-image
Asomiya Pratidin
New Update
ফটো উঠাৰ চখ ! ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ সুনীল ছেত্ৰীক অপমান বংগৰ ৰাজ্যপালৰ...

durand cup

ডিজিটেল ডেস্কঃ বংগৰ ৰাজ্যপালে অপমান কৰিলে ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ সুনীল ছেত্ৰীক। ফটো উঠাৰ চখৰ বাবেই ৰাজ্যপালগৰাকীয়ে সুনীল ছেত্ৰীক সন্মুখৰ পৰা আঁতৰাই দিয়া কাৰ্যই এতিয়া দেশৰ ক্ৰীড়া জগতত বিতৰ্কৰ সূচনা কৰিছে।

Advertisment

উল্লেখ্য যে ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰে বেংগালুৰু এফ চিয়ে। কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা মেচখনত মুম্বাই চি টি এফ চিক ২-১ গ'লত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে বেংগালুৰু এফ চিয়ে।

ইয়াৰ পিছতে অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী দলটোৰ অধিনায়ক সুনীল ছেত্ৰীক বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনোৱা হয়। বঁটা প্ৰদান কৰিবলৈ আয়োজকসকলে আমন্ত্ৰণ কৰিছিল বংগৰ অস্থায়ী ৰাজ্যপাল লা গণেশনক। মঞ্চত আন আন ব্যক্তিৰ লগতে লা গণেশনেও সুনীল ছেট্ৰীক বিজয়ীৰ ট্ৰফী প্ৰদান কৰে যদিও ফটোত নিজৰ চেহেৰা ভালকৈ আহিবৰ বাবেই তেওঁ এক প্ৰকাৰে সুনীল ছেত্ৰীক হাতেৰে টানি সন্মুখৰ পৰা আঁতৰি যাবলৈ দিয়ে।

বঁটা গ্ৰহণ কৰিবলৈ মঞ্চলৈ আহি এইদৰেই অপমান হয় ফুটবলাৰগৰাকী। হয়তো পৰিস্থিতি আৰু সন্মান ৰক্ষাৰ বাবেই সুনীল ছেত্ৰীয়ে দূৰৰ পৰাই হাত মেলি ট্ৰফীটো মাত্ৰ স্পৰ্শ কৰিয়েই ফটো উঠিবলৈ বাধ্য হ'ল।

বংগৰ অস্থায়ী ৰাজ্যপালগৰাকীৰ এই কাৰ্যই এতিয়া দেশৰ ক্ৰীড়া মহলত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে বিতৰ্কৰ জোৱাৰ তুলিছে। ইতিমধ্যে এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। উল্লেখ্য যে ফুটবলৰ পীঠস্থান হিচাপে পৰিচিত কলকাতাত এইদৰেই এজন মহান ফুটবলাৰ অপমানিত হ'বলগীয়া বিষয়টোৱে এতিয়া ক্ৰীড়া বিদক প্ৰকৃত সন্মান দিয়াৰ পৰা বঞ্চিত কৰিছে বুলিও চৰ্চা চলিছে।

sunil chhetri durand cup