/asomiyapratidin/media/media_files/2025/05/23/6Zwm0r6h0p8KxCy9BtQy.jpg)
ডিজিটেল ডেস্কঃ দুলীয়াজানলৈ গৈ থকাৰ অৱস্থাত ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক। কেইবাগৰাকীও আৰক্ষীৰ লোকে ধৰি-বান্ধি শৃংখলক আৰক্ষীৰ বাহনত তুলি লৈ যোৱাৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ইফালে আৰক্ষীয়ে ধৰি-বান্ধি বাহনত তুলি লৈ যাবলৈ লোৱাৰ সময়তে শৃংখল চলিহাই কয় যে, অসমীয়াই কেতিয়াও ভয় নকৰে। আৰক্ষীৰ ভয়-ভাবুকিক বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিহাই অকণো কেৰেপ নকৰে। মই আজি ঘৰৰ পৰা ওলাই আহোতেই দেউতাৰ ফটোত সেৱা কৰি মাক কৈ আহিছো যে ৩,৪মাহৰ বাবে ঘৰলৈ নাহিবও পাৰো। যদি জেললৈ যাব লাগে যাম। কিন্তু অসমত অনা অসমীয়াৰ দাদাগিৰি নচলিব।
উল্লেখ কৰা প্ৰয়োজন যে, দুলীয়াজানত আজি বীৰ লাচিত সেনাক প্ৰমুখ্য কৰি ৰাজ্যৰ ১১টা জনজাতীয় সংগঠনে জনোৱা দুলীয়াজান বন্ধৰ আহ্বানৰ প্ৰভাৱ পৰিছে চহৰখনত। এই বন্ধ ঘোষণাৰ পাছতে শুকুৰবাৰে পুৱাৰে পৰা চহৰখনৰ দোকান- পোহাৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি আন আন অনুষ্ঠান- প্ৰতিষ্ঠানসমূহো সম্প্ৰতি বন্ধ ৰখা হৈছে।
ইয়াৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাম- কাজ অচল হৈ আছে। তৈলক্ষেত্ৰলৈ অহা- যোৱা কৰা লঘু আৰু গধুৰ যান- বাহন চলাচল বন্ধ হোৱাৰ ফলত বিষয়া- কৰ্মচাৰীসকল কৰ্মক্ষেত্ৰলৈ যাব পৰা নাই।
বীৰ লাচিত সেনাই শৃংখল চলিহাই অচিৰেই সেই যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি জেইলত ভৰাব লাগে বুলিও দাবী উত্থাপন কৰে।