/asomiyapratidin/media/media_files/2025/06/08/Hp32TTNCMjGKzlGvAcm2.jpg)
ddddd Photograph: (ddddd)
ডিজিটেল সংবাদ,নগাঁও : কবি, সংগঠক , লোকনিৰ্মান বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দুলাল বৰাক গ্ৰেপ্তাৰ । পুৰনিগুদাম গৰমূৰৰ বাসভৱনৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক । নিশা ১ বজাত আৰক্ষীৰ দল এটিয়ে বৰাক গ্ৰেপ্তাৰ কৰে ।
দুলাল বৰাক আটক কৰাৰ সন্দৰ্ভত আৰক্ষীৰ পৰা জানিব পৰা মতে নগাঁও আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰিছে । জানিব পৰা মতে বৰাই সামাজিক মাধ্যমত লিখা ক্ষুদ্ৰ গল্পৰ বাবেই আৰক্ষীয়ে আটক কৰিছে । শেহতীয়াকৈ দুলাল ৰবাই শ্ৰীকৃষ্ণ , ৰূক্মিনী , গৰুক লৈ ক্ষুদ্ৰ গল্প লিখি পোষ্ট দিছিল ।
দুলাল বৰাক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত ।