দুধনৈ ডকাইতি কাণ্ডৰ লগত জড়িত ৩ ডকাইতক গ্ৰেপ্তাৰঃ লুটিছিল ১৯ লাখ ৫০ হাজাৰ...

author-image
Asomiya Pratidin
New Update
দুধনৈ ডকাইতি কাণ্ডৰ লগত জড়িত ৩ ডকাইতক গ্ৰেপ্তাৰঃ লুটিছিল ১৯ লাখ ৫০ হাজাৰ...

dudhnoi

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহন হাইজেক কৰি ডকাইতি সংঘটিত কৰা ডকাইত। দুধনৈ আৰক্ষীয়ে শৰাইঘাত দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিলে ডকাইত কেইটাক।

Advertisment

উল্লেখ্য যে যোৱা ১৮ অক্টোবৰত দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড। এখন বাহনৰ পৰা ডকাইতৰ দলটোৱে লুটিছিল ১৯ লাখ ৫০ হাজাৰ টকা।

এই ডকাইতি কাণ্ড সংঘটিত হোৱাৰ সময়ত ভুক্তভোগী ব্যৱসায়ীজন গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ আছিল। ভুক্তভোগী ব্যৱসায়ীজনে ছুইফ্ট ডিজায়াৰ বাহন এখনেৰে গৈ থকাৰ অৱস্থাতে এখন ইন'ভা বাহনেৰে যোৱা ডকাইতৰ দলটোৱে সংঘটিত কৰিছিল এই ডকাইতি কাণ্ড।

ডকাইতৰ দলটোত আছিল মুঠ ৩ টা ডকাইত। এই তিনিওটা ডকাইতকে আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা বাহনখনৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন ডকাইত কেইটা ক্ৰমে আজিজুদ্দিন আহমেদ, মহিদুল আলী আৰু ৰাজীবুল হক।

Dudhnoi roberry