ডুবিয়া উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন বিধায়ক উৎপল বৰাৰ

বিশিষ্ট শিক্ষাবিদ ড০ যুগল বৰাই এই বিষয়ে উল্লেখ কৰি কয় যে, প্ৰথম পৰ্যায়ত কৃষি কৰ্ম কৰিবলৈ সাজু কৰা অঞ্চলটোৰ ১৭০০ বিঘা কৃষি ভূমিত মাটিৰ গুণাগুণ আৰু মাটিৰ শ্ৰেণী অনুযায়ী বছৰেকত দুই বা তিনিটাকৈ খেতি কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
fdgg

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  একেডৰা কৃষি ভূমিত ভিন্ন মুখী কৃষি কৰ্মৰ জৰিয়তে গহপুৰৰ ডুবিয়াৰ ওপজা ভূমিত এক কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ অভিলাষী আৰু ব্যয়বহুল পদক্ষেপ গ্ৰহণ কৰিছে জি এন আৰ চিৰ পৰিচালন সঞ্চালক ডা০ নোমল চন্দ্ৰ বৰাই। গৃহ ভূমিৰ কৃষক ৰাইজক কৃষি কৰ্মৰ জৰিয়তে আৰ্থিক ভাবে সকাহ দিবলৈ ডা০ নোমল চন্দ্ৰ বৰাই গ্ৰহণ কৰা এই প্ৰশংসনীয় পদক্ষেপক সফল কৰি তুলিবলৈ আন্তৰিকতাৰে আগবাঢ়ি আহিছে ডুবিয়া অঞ্চলৰ কৃষক ৰাইজ।

Advertisment

প্ৰাৰম্ভিক পৰ্যায়ত ডুবিয়া জাৰণি গাঁৱৰ ১৭০০ বিঘা কৃষি ভূমিত ৩০০ কৃষক পৰিয়ালক সামৰি ৰূপায়ণ কৰা হ'ব এই অভিলাষী কৃষি আঁচনি। ইয়াৰ বাবে ইতিমধ্যে গঠন কৰা ডুবিয়া উন্নয়ন প্ৰকল্পৰ মুখ্য কাৰ্য্যবাহী বিষয়া তথা বিশিষ্ট শিক্ষাবিদ ড০ যুগল বৰাই এই বিষয়ে উল্লেখ কৰি কয় যে, প্ৰথম পৰ্যায়ত কৃষি কৰ্ম কৰিবলৈ সাজু কৰা অঞ্চলটোৰ ১৭০০ বিঘা কৃষি ভূমিত মাটিৰ গুণাগুণ আৰু মাটিৰ শ্ৰেণী অনুযায়ী বছৰেকত দুই বা তিনিটাকৈ খেতি কৰা হ'ব।

এই কৃষি কৰ্মৰ বাবে প্ৰয়োজন হোৱা সকলো ব্যয় বহন কৰিব জি এন আৰ চিৰ কৰ্তৃপক্ষই। উৎপাদিত ফচলৰ ৫০% জি এন আৰ চি কৰ্তৃপক্ষই আৰু ৫০% পাব কৃষি ভূমিৰ গৰাকীয়ে। উক্ত ৫০%ৰ পৰা ৫%কৈ মুঠ ১০% জমা হ'ব কৰপাছ ফাণ্ডত।এই ১০% ডুবিয়া উন্নয়ন প্ৰকল্পৰ লগত জড়িত কৃষিভূমিৰ গৰাকীৰ কৃষক পৰিয়ালৰ সদস্যৰ চিকিৎসা ব্যয়ৰ বাবে জমা কৰি ৰখা হ'ব।

ইয়াৰ বাবে চিকিৎসা জনিত সকলো দিশ তদাৰক কৰিব জি এন আৰ চিয়ে। ইয়াৰ উপৰিও ড০ যুগল বৰাই আৰু কয় যে, মাটিৰ মালিকীস্বত্বত ডুবিয়া উন্নয়ন প্ৰকল্পই হাত দিব বুলি কোনো কৃষকে ভয়-শংকা কৰিব নালাগে। মাত্ৰ আগ্ৰহী কৃষক সকলৰ কৃষিভূমিত খেতি কৰাৰ অনুমতি পাব লাগিব ডুবিয়া উন্নয়ন প্ৰকল্পই।এই অনুমতি পোৱাৰ পিছত জি এন আৰ চিয়ে দিব বিচৰা সুবিধাৰ অধিকাৰী হ'ব সংশ্লিষ্ট কৃষক ৰাইজ।

প্ৰাৰম্ভিক পৰ্যায়ত পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰাঞ্চলৰ নাহৰণিৰ পৰা ডুবিয়া দ-গাঁওলৈকে এই প্ৰকল্পই সামৰি ল'ব বুলি উল্লেখ কৰি ড০ যুগল বৰাই কয় যে, পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ডুবিয়া গাঁও পঞ্চায়ত এলেকালৈ সম্প্ৰসাৰিত কৰা হ'ব এই কৃষি প্ৰকল্পৰ পৰিধি।

এই প্ৰকল্পৰ লগত জড়িত হৈছে অসম কৃষি বিশ্ববিদ্যালয়।অসম কৃষি বিশ্ববিদ্যালয়ে এই প্ৰকল্পৰ সমগ্ৰ দিশ তদাৰক কৰি দিহা-পৰামৰ্শ আগবঢ়াব। ডুবিয়া জাৰণি গাঁৱত আজি এই অভিলাষী কৃষি প্ৰকল্পৰ শুভ উদ্বোধন কৰি স্থানীয় বিধায়ক উৎপল বৰাই ডা০ নোমল চন্দ্ৰ বৰাৰ এই পদক্ষেপক শলাগ লৈ স্থানীয় কৃষক ৰাইজক এই প্ৰকল্পত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

বিধায়ক উৎপল বৰাই শুভ উদ্বোধন কৰাৰ পিছতেই আজিৰে পৰা মাটি চহোৱাৰ কাম আৰম্ভ কৰা হয়।প্ৰথম অৱস্থাত ৭ খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে যদিও পৰবৰ্তী সময়ত বৃদ্ধি কৰা হ'ব ট্ৰেক্টৰৰ সংখ্যা।উল্লেখযোগ্য যে-গহপুৰ মহকুমাৰ সাংবাদিক সকলৰ বাবেও জি এন আৰ চিয়ে গ্ৰহণ কৰা চিকিৎসা জনিত সুবিধাৰ বিষয়ে উদ্বোধনী অনুষ্ঠানটোৰ জৰিয়তে অৱগত কৰে জি এন আৰ চি কৰ্তৃপক্ষই।

স্থানীয় যুৱক তথা স্বাস্থ্য বিভাগৰ আঁচনি সমন্বয়ক হৰেণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ডুবিয়া উন্নয়ন প্ৰকল্পৰ উপদেষ্টা তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড০ তৰুণ চন্দ্ৰ বৰা,গহপুৰ মহকুমা কৃষি বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা ৰঞ্জিত মহন্ত,বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ বতৰ বিজ্ঞানী ড০ প্ৰশান্ত নেওগৰ উপৰিও জি এন আৰ চিৰ হৈ উপস্থিত থাকে অৰুণ দাস, গৌতম ৰাজখোৱা, সূৰজিৎ হাজৰিকা আৰু কৌশিক ৰাভা।

গহপুৰ