মদাহী চালকলৈ দুখবৰ আনিছে বিহাৰৰ ছাত্ৰীয়ে

মদাহী চালকলৈ দুখবৰ আনিছে বিহাৰৰ ছাত্ৰীয়ে

author-image
asomiyapratidin
New Update
মদাহী চালকলৈ দুখবৰ আনিছে বিহাৰৰ ছাত্ৰীয়ে

ডিজিটেল ডেস্কঃ বিহাৰৰ এগৰাকী ছাত্ৰীয়ে সাজি উলিয়াইছে এটা বিশেষ যন্ত্ৰ। যন্ত্ৰটো এলা-পচাঁ নহয়, সাম্প্ৰতিক সময়ত বিশেষ গুৰুত্বও আছে যন্ত্ৰটোৰ।

Advertisment

এই যন্ত্ৰটোৱে কোনোৱে যদি মদ্যপান কৰি গাড়ী চলাইছে তেন্তে মদ্যপান কৰা বুলি চালক জনক চিনাক্ত কৰাৰ লগতে বন্ধ কৰি দিব গাড়ীৰ ইঞ্জিন। বিহাৰৰ ভৱানীপুৰৰ বাসিন্দা সাংবাদিক ৰবি গুপ্তাৰ কন্যা ঐশ্বৰ্য প্ৰিয়াই সাজি উলিয়াইছে এই বিশেষ যন্ত্ৰটো।

যন্ত্ৰটোৰ নাম 'এলকহল ডিটেক্টৰ এণ্ড অট'মেটিক ইঞ্জিন লকিং চিষ্টেম'। দেখাত ক্ষুদ্ৰ এই যন্ত্ৰটো কোনো বাহনত সমুখৰ ভাগত সংস্থাপিত কৰাৰ পাছত গাড়ীচালকে যেতিয়া মদ্যপান কৰি গাড়ী চলায় সন্মুখ ভাগত থকা ডিটেক্টৰ মেচিনে চালকৰ এলকহলৰ পৰিমাণ চিনাক্ত কৰে।

যদিহে চালকজনে মদ্যপান কৰিছে তেন্তে গাড়ীৰ ইঞ্জিন বন্ধ হৈ যাব আৰু চালকজন গাড়ীৰ পৰা নামি নোযোৱালৈকে গাড়ীখনৰ ইঞ্জিন বন্ধ হৈয়ে থাকিব। উল্লেখ্য যে, এই ছাত্ৰীগৰাকী মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালস্থিত লক্ষ্মী নাৰায়ণ কলেজ অৱ টেক'নজলি এণ্ড চাইন্সৰ বি. টেকত অধ্যায়নৰত।