/asomiyapratidin/media/media_files/2025/07/14/vddfdfdf-2025-07-14-21-39-28.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ বাংলাদেশ সীমান্তৱৰ্তী নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। সোমবাৰে পুৱা প্ৰায় ৫.৩০ বজাত মানকাচৰ আৰক্ষীয়ে গুৱাহাটী-মানকাচৰ নৈশবাছৰ পৰা ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ তত্বাৱধান আৰু মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোনাপুৰত নৈশ বাছত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এএছ ০১ টিচি ০৩৭৫ নম্বৰৰ আশীৰ্বাদ নামৰ নৈশ বাছখনৰ পৰা আৰক্ষীয়ে কুচনিমাৰা জোৰডাঙা গঁৱৰ প্ৰয়াত ময়নাল হকৰ পুত্ৰ আশিক বাবুক (২৬) কৰায়ত্ব কৰি তেওঁৰ পৰা ৫০ হেজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় টেবলেটখিনিৰ বজাৰমূল্য ১০ কোটি টকা হ’ব বুলি জিলা আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবী এক সংবাদমেলযোগে প্ৰকাশ কৰিছে।
দিনৰ প্ৰায় ১১.৩০ বজাত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে মানকাচৰ থানাত এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, কালিৰে পৰা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ড্ৰাগছখিনি জব্দ কৰাৰ বাবে সৰবৰাহকাৰী আশিকক ট্ৰেক কৰি আছিল।
গুৱাহাটীৰ আইএছবিটিৰ পৰা নৈশবাছখন মানকাচৰলৈ আহি থকা অৱস্থাত হাটশিঙিমাৰী-মানকাচৰ পথৰ সোনাপুৰত বাছখন ৰখাই আৰক্ষীয়ে তালাচী চলায়। প্ৰথমে আশিক বাবুক কৰায়ত্ব কৰাৰ পাচত তেওঁৰ পৰা নিচাজাতীয় টেবলেট খিনি জব্দ কৰা হয়। আৰক্ষীয়ে নিচাজাতীয় টেবলেট খিনি জব্দ কৰাৰ সময়ত জিলা কাৰ্যবাহী দণ্ডাধীশ পাপু গগৈ উপস্থিত আছিল। জব্দ কৰা টেবলেট খিনি মনিপুৰৰ পৰা গুৱাহাটীলৈ অনাৰ পাচত গুৱাহাটীৰ পৰা মানকাচৰলৈ অনা হৈছিল।
ইফালে, সৰবৰাহকাৰী আশিক মানকাচৰৰ বিভিন্ন ড্ৰাগছ ব্যৱসায়ীৰ লগতে মেঘালয় আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো সৰবৰাহ কৰাৰ কথা আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে আশিক বাবুৰ পৰা বহু তথ্য লাভ কৰিছে। কম সময়ৰ ভিতৰত এই ড্ৰাগছকাণ্ডৰ সৈতে জড়িত ড্ৰাগছ মাফিয়াৰ নেটৱাৰ্ক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জিলা আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে দাবী কৰি কয় যে, এই ড্ৰাগছ কাণ্ডৰ লগত জড়িত কাকো আৰক্ষীয়ে এৰি নিদিয়ে।