ধেমাজিত ড্ৰাগছসহ গ্ৰেপ্তাৰ ব্যৱসায়ী...

এটা চিৰিঞ্জ, ৫.২৩ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ৪ টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
ধেমাজিত ড্ৰাগছসহ গ্ৰেপ্তাৰ ব্যৱসায়ী...

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী। শুকুবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত ধেমাজি সদৰ আৰক্ষীয়ে থানাৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ কেন্দুগুৰি গাঁৱৰ পৰা ড্ৰাগছসহ ১ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷

Advertisment

উল্লেখ্য যে, বৃহস্পতিবাৰে ধেমাজিত কেইবাগৰাকীও ড্ৰাগছ আসক্ত যুৱকক লৈ গুলীচালনাৰ এটা ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে শুকুবাৰে চলোৱা এক অভিযানৰ অন্তত খুবলীয়াৰ কেন্দুগুৰি গাঁৱৰ পৰা মৃন্ময় বৰগোঁহাই (১৯) নামৰ ড্ৰাগছ ব্যৱসায়ীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে ৷ উক্ত অভিযানত এটা চিৰিঞ্জ, ৫.২৩ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ৪ টা কন্টেইনাৰো আৰক্ষীয়ে জব্দ কৰে।

drugs drugs seized dhemaji dhemaji police