নগাঁৱত ড্ৰাগছ, নিচাযুক্ত ঔষধ, নকল ধন সহ ন জনক গ্ৰেপ্তাৰ

ড্ৰাগছ, নিচাযুক্ত ঔষধ, নকল টকাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে ৷
নগাঁৱত ড্ৰাগছ, নিচাযুক্ত ঔষধ, নকল ধন সহ ন জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,নগাঁও : ড্ৰাগছ, নিচাযুক্ত ঔষধ, নকল টকাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ জিলাখনৰ বিভিন্ন স্হানত আৰক্ষীয়ে চলোৱা অভিযানত সফলতা লাভ কৰিছে ৷

মৰিকলঙ টাউন আৰক্ষী চকীয়ে চলোৱা অভিযানত ইছলামপট্টিৰ পৰা নিচাযুক্ত টেবলেট সহ মুজিবুৰ ৰহমান নামৰ যুবকক গ্ৰেপ্তাৰ কৰে ৷ এ এছ ০২পি ৩৭২৮ নম্বৰৰ স্কুটিখনত বুজন সংখ্যক নিচাযুক্ত টেবলেট ,নগদ ধন জব্দ কৰে ৷ মুজিবুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত কচলুখোৱাৰ পৰা ৰমজান হুছেইন নামৰ আন এজন যুবককো গ্ৰেপ্তাৰ কৰে ৷

জুৰীয়া আৰক্ষীৰ অভিযানত মাহগুৰিৰ পৰা হেৰ’ইন সহ ৰাজা চাহেব নামৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে ৷ ৰাজাৰ পৰা দুটি চাবোনৰ বাকচত ভৰাই থোৱা হেৰ’ইন জব্দ কৰে ৷ লগতে মুকুন্দআটিত চলোৱা আন এক অভিযানত আনিচুৰ জামাল, মুকচিদুৰ ৰহমান , আব্দুল আলি নামৰ ড্ৰাগছ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে ৷ লগতে ১৮ টা হেৰ’ইন ভৰ্তি কন্টেনাৰ আৰু নগদ ১১৫০০ টকা উদ্ধাৰ কৰে ৷

ইফালে জামতল আৰু হাইডুবিত বটদ্ৰবা আৰক্ষীয়ে চলোৱা অভিযানত দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ জামতলৰ পৰা হাজমুল বাহাৰ নামৰ যুবকজনক গ্ৰেপ্তাৰ কৰা লগতে দুটা চাবোনৰ বাকচত ভৰাই অনা হেৰ’ইন , এখন মটৰ চাইকেল জব্দ কৰে ৷ হাইডুবিৰ পৰা চহিদুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৫ টা হেৰ’ইন ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে ৷

হয়বৰগাঁও টাউন আৰক্ষী চকীৰ আৰক্ষীয়ে চলোৱা এক অভিযানত নকল ১৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জাগীৰোডৰ শ্বাহজাহান আলিক নকল ধন সহ গ্ৰেপ্তাৰ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in