/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6a40e30b-4326-4088-9184-0617f6f32c1f/lumding_drugs.jpg)
ডিজিটেল সংবাদ, লামডিং : উত্তৰ-পূৱ সীমান্ত ৰেলৰ ৰেলৰ জৰিয়তে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। লামডিং আৰক্ষীয়ে লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১২ কুইন্টল গাঞ্জা জব্দ কৰা এদিনৰ পিছতে আজি পুনৰ আৰ পি এফে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰে ৷
লামডিং ৰেলৱে জংচনত আৰ পি এফ চি আই বি দলে অভিযান চলাই ১৫৯০৯ নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ ৰেলখনৰ এ চি দুই কক্ষৰ ডবাৰ পৰা ১২ টা পেকেটত প্ৰায় ১২১ কেজি নিষিদ্ধ গাঞ্জা জব্দ কৰে ৷ উদ্ধাৰ কৰা গাঞ্জা খিনি বজাৰ কৰা প্লাষ্টিকৰ বেগৰ ভিতৰত ভৰাই আনিছিল ৷
আৰ পি এফৰ চি আই বি দলটোৱে বিশেষ সুত্ৰৰ পম খেদি নন্দেশ্বৰ দাসৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ৰেল আৰক্ষীয়ে নিষিদ্ধ গাঞ্জা জব্দ কৰে যদিও ইয়াৰ লগত জড়িত কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল ৷ ভাৰপ্ৰাপ্ত বিষয়াই জানিব দিয়া মতে গাঞ্জা খিনিৰ বজাৰৰ মূল্য প্ৰায় ১২ লাখ ১০ হাজাৰ টকা হ'ব ।
আৰু পঢ়ক : উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...