বজালীত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

বজালীত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
বজালীত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ শনিবাৰে বজালীত অভিযান চলাই আৰক্ষীয়ে এখন বাহনৰ পৰা বৃহৎ পৰিমানৰ ফেনচিডাইলৰ বটল জব্দ কৰে। বজালীৰ আবকাৰী উপ অধীক্ষক প্ৰেম কুমাৰ সিঙৰ সহায়ত বজালী অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত বজালী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

Advertisment

দণ্ডাধীশ গৌৰৱ শেখৰ দাসৰ উপস্থিতিত বাহনখনত তালাচী চলোৱা হয়। বাহনৰ পৰা মুঠ ১০ হাজাৰ ফেনচেডাইল জব্দ কৰে। নিচাজাতীয় সামগ্ৰীখিনি কৌশলেৰে বিস্কুটৰ কাৰ্টুনৰ তলত লুকুৱাই ৰখা লগতে বাহনখনৰ ভিতৰত সৃষ্টি কৰা গোপন চেম্বাৰৰ ভিতৰতো লুকুৱাই আনিছিল৷জব্দ কৰা সামগ্ৰীৰ মূল্য ৭০,০০,০০০ টকা বুলি অনুমান কৰা হৈছে।গোচৰটো সন্দৰ্ভত অধিক তদন্ত আৰু অধিক আইনী প্ৰক্ৰিয়া অব্যাহত আছে।

Also Read: জীয়াভৰলীৰ পাৰৰ ১০০বিঘা মাটিত বৃহৎ কৃষি পাম স্থাপন...

Barpeta Police drugs seized bajali police bajali news