চিমেন চাপৰিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃআটক ৩ যুৱক

ধেমাজিত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ লগতে সৰবৰাহকাৰীৰ সংখ্যা

author-image
Asomiya Pratidin
New Update
চিমেন চাপৰিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃআটক ৩ যুৱক

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ লগতে সৰবৰাহকাৰীৰ সংখ্যা ৷ চিমেন চাপৰি আৰক্ষীৰ তীব্ৰ অভিযানত জালত পৰিল তিনিজন ড্ৰাগছ সৰবৰাহ কাৰী যুৱক।

ঘটনাৰ বিবৰণী মতে মঙলবাৰে চিমেন চাপৰি আৰক্ষী থানাৰ আৰক্ষী দলে বিশেষ সূত্ৰৰ পম খেদি চিমেন খেৰনি গাঁৱত অভিযান চলায়। অভিযানত আৰক্ষীৰ হাতত পৰিল দেৱজিৎ চুতীয়া (২৩) নামৰ যুৱক জন।

যুৱকজনৰ পৰা ৭০.৯৫ গ্ৰাম ড্ৰাগচৰ লগতে নগদ ৫ হাজাৰ টকা জব্দ কৰে ৷ একেটা নিশাতে চমকং বালিগৰা গাঁৱৰ নিগম দাৰিকক ( ১৮) ১৩.৮১ গ্ৰাম ড্ৰাগচ সহ আটক কৰে ৷ ইয়াৰ পিছত মঙলবাৰে পুৱতি নিশা মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জয়ৰামপুৰ গাঁৱত অভিযান চলাই টুলুঙা গৈয়াৰীক ( ২৩) ৮.৩ গ্ৰাম ড্ৰাগচ আৰু ৫০০ নগদ টকাৰ সৈতে আটক কৰে ৷ ধৃত তিনিও যুৱকক আৰক্ষীয়ে হাজোতলৈ প্ৰেৰণ কৰে।

Also Read: সম্পৰ্ক বিচ্ছেদ! প্ৰেমিকাৰ গাঁৱত প্ৰেমিকে ল'লে চিপজৰী...