/asomiyapratidin/media/media_files/2025/03/15/zNAIJ2XUhCLN6uQJS3dc.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট: শোণিতপুৰ আৰক্ষীৰ সফলতা। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাজি আলী সৰকাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে নপাম দিকৰাই জানৰ পৰা ৰাইজৰ সহযোগত এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰে।
আটক কৰা সৰবৰাহকাৰীজন জাবেদ আলী। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে অভিযান চলাই জাবেদ আলীৰ পৰা এটা মোবাইল,৮টা কন্টেইনাৰ মুঠতে প্ৰায় ১২ গ্ৰাম ওজনৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে।
উল্লেখ্য যে,বাইকত অহা পেডেলাৰটোৱে জব্দকৃত সামগ্ৰী খিনি ইন্নচ আলীৰ ঘৰৰ পৰা আনি অন্য এজন লোকক দিবলৈ অহাৰ কথা ব্যক্ত কৰে। সম্প্ৰতি সৰবৰাহকাৰীজনক বৰঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷