সোণতলী আৰক্ষী আউট পোষ্টৰ নাকাচেকিঙত দুই ড্ৰাগছ সৰবৰাহী আটক

মঙলবাৰে গোপন এক তথ্যৰ আধাৰত সোণতলী আউট প'ষ্টৰ অন্তৰ্গত নিজ কাথমিত নাকাচেকিঙৰ সময়ত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জব্দ কৰে ড্ৰাগছৰ সৈতে এখন বাইক।

author-image
Tushar Pratim
New Update
সোণতলী আৰক্ষী আউট পোষ্টৰ নাকাচেকিঙত দুই ড্ৰাগছ সৰবৰাহী আটক

ডিজিটেল ডেস্কঃ মঙলবাৰে গোপন এক তথ্যৰ আধাৰত সোণতলী আউট প'ষ্টৰ অন্তৰ্গত নিজ কাথমিত নাকাচেকিঙৰ সময়ত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। নাকাচেকিঙৰ সময়তে আৰক্ষীৰ তৎপৰতা এখন মটৰচাইকেল ৰখাই তালাচী চলোৱাত উদ্ধাৰ হয় নিষিদ্ধ ড্ৰাগছখিনি। 

Advertisment

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ড্ৰাগছ সৰবৰাহী দুটাই চাবোনৰ বাকচত লুকুৱাই আনিছিল মুঠ ২৪ গ্ৰাম হেৰ’ইন। আৰক্ষীয়ে ড্ৰাগছৰ সৰবৰাহৰ অপৰাধত আটক কৰা দুই সৰবৰাহী ক্ৰমে নাওছাদ আলী (৩১) আৰু মহিদুল ইছলাম (৩৭)।

ইয়াৰে নাওছাদ আলী ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত জৰশিমলু গাঁৱৰ প্ৰয়াত নকৰুদ্দিনৰ পুত্ৰ। আনহাতে মহিদুল ইছলাম ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা পাৰৰ নুৰুল ইছলামৰ পুত্ৰ। 

দুই ড্ৰাগছ সৰবৰাহকাৰীকে পাছত সোণতলী আৰক্ষী আউট প’ষ্টলৈ অনা হয় আৰু ঘটনা সন্দৰ্ভত অধিক সোধপোছ অব্যাহত ৰখা হৈছে বুলি আৰক্ষী সূ্ত্ৰে জানিবলৈ দিছে। আৰক্ষীয়ে জব্দ কৰিছে তেওঁলোকে ব্যৱহাৰ কৰা বাইকখনো। 

 

সোণতলী ড্ৰাগছ সৰবৰাহ