মৰিগাঁৱৰ ভূৰাগাঁও পাঁচআলি বজাৰত আৰক্ষীৰ অভিযানঃ ড্ৰাগছসহ এজনক আটক...

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱৰ ভূৰাগাঁও পাঁচআলি বজাৰত আৰক্ষীৰ অভিযানঃ ড্ৰাগছসহ এজনক আটক...

morigaon

ডিজিটেল ডেস্কঃ মৰিগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীৰ সংখ্যা। যিমানেই আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে সক্ৰিয় হৈছে সিমানেই ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত পৰিছে আৰক্ষীৰ জালত।

Advertisment

মঙলবাৰেও আৰক্ষীৰ জালত পৰিল তেনে এক ড্ৰাগছ সৰবৰাহকাৰী যুৱক। মৰিগাঁৱৰ ভূৰাগাওঁ পাঁচআলিক বজাৰত মৰিগাওঁ আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে যুৱকজনক।

আটকাধীন যুৱকজনৰ নাম বুলবুল হুছেইন। আৰক্ষীয়ে ড্ৰাগছ আসক্ত বুলবুলৰ পৰা জব্দ কৰিছে ৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে ৪ টা খালী কণ্টেইনাৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৫.৯৭ গ্ৰাম।

assam morigaon